ভীমা-কোৰেগাঁও গোচৰত অভিযুক্ত হৈ চাৰিটাকৈ বছৰ কাৰাগাৰত কটোৱাৰ পিছত অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত কাৰাগাৰৰ পৰা বাহিৰ হ’ল মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখা। আজি নৱী মুম্বাইৰ তালোজা জেলৰ পৰা মুকলি কৰি দিয়া হয় মানৱ অধিকাৰ কৰ্মীগৰাকীক।
চিকিৎসাজনিত কাৰণত উচ্চতম ন্যায়ালয়ে এমাহৰ গৃহবন্দীত্বৰ আবেদন মঞ্জুৰ কৰাৰ পিছত অৱশেষত ৭০ বৰ্ষীয় নৱলাখা কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ পথ প্ৰশস্ত হয়।
কাৰাগাৰৰ এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত এমহীয়া গৃহবন্দীত্ব কটাবলগীয়া নৱী মুম্বাইৰ বেলাপুৰ-আগ্ৰোলি অঞ্চলৰ বাসগৃহলৈ নৱলাখাক লৈ যোৱা হয়।
উল্লেখ্য যে ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে নৱলাখাক নিৰ্দিষ্ট চৰ্ত সাপেক্ষে এমাহৰ বাবে গৃহবন্দীত্বৰ অনুমতি দিছিল আৰু ৪৮ ঘণ্টাৰ ভিতৰত এই নিৰ্দেশ কাৰ্যকৰী হ’ব লাগে বুলি উল্লেখ কৰিছিল।
কিন্তু নিৰাপত্তাৰ দোহাই দি তদন্তকাৰী সংস্থাই বাৰে বাৰে নৱলাখাৰ মুক্তি স্থগিত ৰাখিছিল। শুকুৰবাৰে নিয়াই নৱলাখাৰ গৃহবন্দীত্বৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত পুনৰ আৰ্জি জনাইছিল।
কিন্তু শীৰ্ষ আদালতে নিয়াৰ এইআবেদন নাকচ কৰিছিল আৰু কৌশলীভাৱে তেওঁৰ মুক্তিত বিলম্ব ঘটোৱা বুলি ভৰ্ৎসনা কৰিছিল।
স্মৰ্তব্য যে ২০১৮ চনৰ ভীমা কোৰেগাঁওৰ হিংসাত্মক কাৰ্যত উচতনি যোগোৱাৰ লগতে মাওবাদীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা কাৰাগাৰত বন্দী হৈ আছে নৱলাখা।
যোৱা ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে মানৱ অধিকাৰ কৰ্মীগৰাকীক এমাহৰ বাবে গৃহবন্দীত্বৰ অনুমতি দিয়াৰ লগতে নৱলাখাৰ চিকিৎসা প্ৰতিবেদন নাকচ কৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰিছিল।
আদালতে স্থানীয় কৰ্তৃপক্ষক নৱলাখাক গৃহবন্দী কৰি ৰাখিবলগীয়া চৌহদৰ প্ৰয়োজনীয় পৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত তেওঁক কাৰাগাৰৰ পৰা স্থানান্তৰিত কৰিবলৈ নিৰ্দেশ দিছিল।
আনহাতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াই আৰক্ষী কৰ্মী মোতায়েন কৰাৰ বাবে ব্যয় হিচাপে দাবী কৰা আনুমানিক ব্যয় ২.৪ লাখ টকা জমা কৰিবলৈও বিচাৰপীঠে গৌতম নৱলাখাক নিৰ্দেশ দিছিল।
মাহজোৰা গৃহবন্দীত্বৰ কালছোৱাত গৌতম নৱলাখাই তেওঁৰ কম্পিউটাৰ আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰিব নোৱাৰিব বুলি বিচাৰপীঠে উল্লেখ কৰিছিল। অৱশ্যে গৃহবন্দী অৱস্থাত আৰক্ষীৰ দ্বাৰা প্ৰদান কৰা মোবাইল ব্যৱহাৰ কৰিব পাৰিব বুলি বিচাৰপীঠে আদেশত উল্লেখ কৰিছে।
সেই অনুসৰি আৰক্ষী কৰ্মীৰ উপস্থিতিত ১০ মিনিটৰ বাবে কথোপকথনৰ অনুমতি দিয়া হ’ব নৱলাখাক। ইফালে গৃহবন্দীত্বৰ সময়ত এসপ্তাহত পৰিয়ালৰ দুজন সদস্যৰ বাহিৰে কোনো ব্যক্তিক নৱলাখাৰ সৈতে মিলিত হোৱাৰ অনুমতি দিয়া নহ’ব। এই ব্যক্তি দুগৰাকীৰ নাম আবেদনকাৰীয়ে তিনি দিনৰ ভিতৰত নিয়াক আগতীয়াকৈ প্ৰদান কৰিব লাগিব।