বিদেশী নহয়, যৌনকৰ্মী হোৱা বাবেই এন আৰ চিৰ পৰা বাহিৰত ৰ’ল দুশৰো অধিক

পৰিয়ালে অস্বীকাৰ কৰিলে “সম্পৰ্ক”; বিদেশী ঘোষিত হোৱাৰ শংকাত অসমৰ এখন গণিকালয়ৰ ২০০ আৱাসী

mumbai-story_647_062816093148-647x375

প্ৰতিনিধিত্বমূলক ফটো।

বিদেশী নহয়, যৌনকৰ্মী হোৱা বাবেই এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে কাচাৰ জিলাৰ শিলচৰৰ গণিকালয়ত থকা দুশৰো অধিক যৌনকৰ্মীয়ে।

জীৱনৰ পৰিস্থিতিয়ে দিয়া “বৃত্তি”ৰ বাবে সমাজৰ একাষৰীয়া হৈ পৰা যৌনকৰ্মীসকলক তেওঁলোকৰ পৰিয়ালবোৰে লিগেচি দিবলৈ অস্বীকাৰ কৰে আৰু এই কাৰণতে ভাৰতীয় নাগৰিকৰ চূড়ান্ত নাম-তালিকাখনতো একাষৰীয়া হৈ ৰ’ব লগীয়া হয়।

কিছুমানে ফৰ্ম সংগ্ৰহ কৰিও সেইবোৰ জমা দিব নোৱাৰিলে ঘৰৰ পৰা অত্যাৱশ্যকীয় নথি-পত্ৰ আনিব নোৱৰা বাবে।

গতিকে স্বতঃসিদ্ধভাৱেই ১৪ ছেপ্টেম্বৰত অনলাইনত উপলব্ধ হোৱা এন আৰ চিৰ সম্পূৰ্ণ তালিকাত নাম অন্তৰ্ভুক্ত নহ’ল এইসকল নাগৰিকৰ।

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ এই গণিকালয়খন শিলচৰ চহৰৰ প্ৰেমতলা অঞ্চলত অৱস্থিত আৰু ইয়াত প্ৰায় ২০০গৰাকী যৌনকৰ্মী আছে। অঞ্চলটো স্থানীয়ভাৱে “চৌধ নম্বৰ গলি” বুলি জনাজাত। প্ৰায়বোৰ আৱাসীয়ে মানৱ সৰবৰাহৰ বলি।

নাম প্ৰকাশ নকৰাৰ চৰ্তত এগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে কয়, “ইয়াত থকা বেছি সংখ্যকেই মানৱ সৰবৰাহ আৰু অন্যান্য সমস্যাৰ বলি, গতিকে তেওঁলোকৰ হাতত কোনো বৈধ নথি নথকাটো স্বাভাৱিক। কলকাতাৰ সোণাগাচিৰ যৌনকৰ্মীসকলৰ ভোটাৰ পৰিচয়পত্ৰ আৰু আধাৰ কাৰ্ড থকাৰ দৰে এওঁলোকৰ নাই”।

“আমি এন আৰ চিত আৱেদন কৰিব বিচাৰিছিলো আৰু আমাৰ কিছুমানে ফৰ্ম পূৰাইছিলো। কিন্তু আমাৰ পৰিয়ালে আমাক তেওঁলোকৰ সদস্য বুলি মানি ল’বলৈ অস্বীকাৰ কৰিলে। তেতিয়াই আমাৰ স্বপ্ন থানবান হৈ যায়। এতিয়া আমি এটা শংকাত জীয়াই আছো। যিকোনো দিনাই আমাক দেশ এৰিবলৈ ক’ব পাৰে বা ডিটেনশ্যন কেম্পলৈ লৈ যাব পাৰে”, নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত গণিকালয়খনৰ এগৰাকী যৌনকৰ্মীয়ে কয়।

কেইবাগৰাকীও মহিলা অধিবক্তা, স্বেচ্ছাসেৱী সংগঠনো এই যৌনকৰ্মীসকলৰ ভৱিষ্যতক লৈ উদ্বিগ্ন।

কাচাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সদস্য আৰু সমাজকৰ্মী তুহিনা শৰ্মাই নৰ্থ-ইষ্ট নাওৰ আগত অঞ্চলটোৰ যৌনকৰ্মীসকলৰ বিষয়ে কয়, “তেওঁলোকো আমাৰ সমাজৰ অপৰিহাৰ্য্য অংগ। কিন্তু অপ্ৰিয় সত্যটো হ’ল, আমি তেওঁলোকক স্বাভাৱিকভাৱে গ্ৰহণ নকৰো। আমি কেইবাবাৰো তালৈ গৈছো, বিশেষকৈ এইডছ নিয়ন্ত্ৰণ সম্পৰ্কীয় কাৰণত। আনকি বিনামূলীয়া স্বাস্থ্য শিবিৰো আয়োজন কৰিছিলো।”

কাচাৰ জিলা আইন সেৱা প্ৰাধিকৰণে ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ২০১৭ চনত চেষ্টা কৰিছিল বুলি জানিবলৈ দি তেওঁ কয়, ”কিন্তু এই প্ৰয়াস অথলে যায় নথি-প্ৰত্ৰ নথকা বাবে”।

“গণিকালয়খন থকা মাটিখিনি শিলচৰ পৌৰ নিগমৰ স্বত্বাধীন, কিন্তু গণিকালয়খনৰ কোনো গৰাকী নাই। গতিকে ইয়াৰ আৱাসীসকলে স্বীকৃতি পাব পৰাকৈ তেওঁলোকে থকা বা কাম কৰা ঠাইৰ কোনো নথি নাই”, তুহিনা শৰ্মাই কয়।