• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আসন এক, প্ৰাৰ্থী অনেক! মুখ্যমন্ত্ৰীৰ পদবীত কোন- আজি বৈঠকত সিদ্ধান্ত ল’ব হিমাচল কংগ্ৰেছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2022 12:02 pm
Himachal CM congress
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ঘোষিত নিৰ্বাচনী ফলাফলত হিমাচল প্ৰদেশত জয়লাভ কৰাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কোনগৰাকী নেতাক নিযুক্তি দিয়া হ’ব, এই লৈ বিপাঙত পৰিছে কংগ্ৰেছ। দলৰ কেইবাগৰাকীও নেতা মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হৈ উঠাৰ ফলত আজি নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণৰ লক্ষ্যৰে আজি নৱনিৰ্বাচিত বিধায়কসকলৰ এক বৈঠক আহ্বান কৰিছে দলটোৱে।

আজি বিয়লি ৩ বজাত ছিমলাৰ ৰেডিছন হোটেলত অনুষ্ঠিত হ’ব এই বৈঠক। এই বৈঠকত কংগ্ৰেছে সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী গৰাকীক নিৰ্বাচিত কৰিব। বৈঠকত হিমাচল কংগ্ৰেছৰ দায়িত্বত থকা ৰাজীৱ শুক্লা, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু জ্যেষ্ঠ নেতা ভূপিন্দৰ হুদাই অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ পাৰ্থীৰ ক্ষেত্ৰত প্ৰবল দাবীদাৰ হিচাপে থিয় দিছে ৰাজ্যখনত পূৰ্বে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰদেশ কংগ্ৰেছৰ সৰ্বোচ্চ নেতা বীৰভদ্ৰ সিঙৰ পত্নী প্ৰতিভা সিং। হিমাচল প্ৰদেশ কংগ্ৰেছৰ মুৰব্বীৰ দায়িত্বত থকা প্ৰতিভা সিং বৰ্তমান লোকসভাৰ সাংসদ আৰু পূৰ্বৰ ৰাজপৰিয়ালৰ।

গত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল যদিও প্ৰতিভা সিঙে ফলপ্ৰসূভাৱে কংগ্ৰেছৰ প্ৰচাৰৰ নেতৃত্ব দিছিল। হিমাচল প্ৰদেশত তিনিটা দশকৰো অধিক সময় দলৰ নেতৃত্ব দিয়া স্বামী বীৰভদ্ৰ সিঙৰ প্ৰতি আনুগত্যশীল কংগ্ৰেছ বিধায়কৰ সমৰ্থন লাভৰ প্ৰায় সম্ভাৱনা আছে প্ৰতিভা সিঙৰ।

তেওঁৰ পুত্ৰ তথা ছিমলা গ্ৰাম্যৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱা বিক্ৰমাদিত্য সিঙেও ইতিমধ্যে তেনে এক ইংগিত দিছে। কালি জয়ৰ পিছত পুত্ৰ হিচাপে তথা দলৰ এজন দায়িত্বশীল নেতা হিচাপে প্ৰতিভা সিঙে এক গধুৰ দায়িত্ব লাভ কৰাৰ আশা কৰে বিক্ৰমাদিত্য সিঙে।

অৱশ্যে দলে যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তক সন্মান কৰিব বুলি মন্তব্য কৰি তেওঁ দলে জনসাধাৰণে বিচৰা কথাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি আশা প্ৰকাশ কৰে। নতুন চৰকাৰে ‘বীৰভদ্ৰ সিং বিকাশ মডেল’ৰ আধাৰত কাম কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

প্ৰতিভা সিঙৰ বাহিৰেও আন চাৰিগৰাকী হেভীৱেইট নেতা ক্ৰমে- প্ৰাক্তন ৰাজ্যিক মুৰব্বী সুখৱিন্দৰ সিং সুখু, বিদায়ী বিধানসভাত কংগ্ৰেছ বিধায়িনী দলৰ নেতা মুকেশ অগ্নিহোত্ৰী, ঠাকুৰ কাল সিং আৰু হৰ্ষৱৰ্ধন চৌহান মুখ্যমন্ত্ৰী পদৰ সম্ভাৱ্য প্ৰাৰ্থী।

তিনিবাৰৰ বিধায়ক সুখবিন্দৰ সিং সুখুৰ নাম প্ৰতিভা সিঙৰ পিছতে কংগ্ৰেছত সৰ্বাধিক চৰ্চিত হৈছে। তেওঁ এই নিৰ্বাচনত নাদাউনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল। সুখু ২০১৩ চনৰ পৰা ২০১৯ চনলৈ হিমাচল প্ৰদেশৰ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল। এই নিৰ্বাচনত সুখুক প্ৰচাৰ সমিতিৰ মুখ্য দায়িত্ব দিয়া হৈছিল।

উল্লেখ্য যে, বীৰভদ্ৰৰ পৰিয়ালৰ সৈতে সুখুৰ সম্পৰ্ক খুব ভাল নহয়। কিন্তু তাৰ পাছতো তেওঁক কংগ্ৰেছ হাইকমাণ্ডে প্ৰচাৰ সমিতিৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰে। দলৰ এক সূত্ৰ অনুসৰি, সিঙে সুখুক নিৰ্বাচনত টিকট দিয়াৰ ক্ষেত্ৰত তীব্ৰ আপত্তি জনাইছিল।

মুখ্যমন্ত্ৰীৰ বাবে মুকেশ অগ্নিহোত্ৰীৰ নামো চৰ্চালৈ আহিছে। বীৰভদ্ৰৰ পৰিয়ালৰ সৈতে মুকেশ অগ্নিহোত্ৰীৰ সু-সম্পৰ্ক আছে। প্ৰতিভা সিং মুখ্যমন্ত্ৰীৰ দৌৰত পিছ পৰি থাকিলেও মুকেশ অগ্নিহোত্ৰীক শীৰ্ষ পদৰ বাবে সমৰ্থন কৰিব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে সম্ভাৱনীয়তা প্ৰকাশ কৰিছে। মুকেশ অগ্নিহোত্ৰী উনা জিলাৰ হাৰোলী বিধানসভা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক।

মুখ্যমন্ত্ৰী পদৰ দৌৰত চতুৰ্থ নামটো হৈছে ঠাকুৰ কাল সিং। তেওঁ হিমাচল কংগ্ৰেছৰ জ্যেষ্ঠতম নেতা। দাৰাং বিধানসভা সমষ্টিৰ পৰা তেওঁ ৮ বাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। বীৰভদ্ৰ চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল সিঙে। পৰিয়ালটোৰ সৈতে তেওঁৰ সম্পৰ্কও ভাল। অৱশ্যে, তেওঁ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ’লেও বয়স তেওঁৰ মুখ্য বাধা হ’ব পাৰে। কলৰ বয়স এতিয়া ৭৭ বছৰ।

আন এগৰাকী চৰ্চিত দাবীদাৰ নেতা হৰ্ষবৰ্ধন চৌহানকো কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ আসনত বহাব পাৰে। ৰাহুল গান্ধীৰ ঘনিষ্ঠ হিচাপে জনাজাত হৰ্ষবৰ্ধন চৌহান। তদুপৰি হৰ্ষবৰ্ধন চৌহানক জালত পেলাই বিজেপিয়ে দলটোৰ আগ্ৰাসী ‘অপাৰেচন লটাছ’ নীতি কাৰ্যকৰী কৰাৰ আশংকাত ভীতিগ্ৰস্ত হৈছিল প্ৰদেশ কংগ্ৰেছ।

মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত আশা কুমাৰীৰ নামো চৰ্চিত হৈছিল যদিও ছয়বাৰৰ ডালহৌচিৰ বিধায়িকা আশা কুমাৰীক এইবাৰ নিৰ্বাচনত পৰাজিত হোৱাত এই আশা নিৰ্বাপিত হৈছে। এইসকলৰ উপৰিও ৰাজেশ ধৰ্মনী, কুলদীপ সিং ৰাথোড়ৰ নামো চৰ্চালৈ আহিছে।

ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ কুলদীপ সিং ৰাথোড়ে শেহতীয়াকৈ বিগত কেইবছৰমানৰ ভিতৰত তেওঁ অতি কৌশলীভাৱে বিভক্ত দলটোক একত্ৰিত কৰিছে বুলি দাবী কৰিছিল। মাত্ৰ কেইমাহমানৰ পূৰ্বে ৰাথোড়ৰ স্থানত প্ৰতিভা সিং হিমাচল কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল।

এনেদৰে বহুকেইগৰাকী নেতাৰ নাম সমুখলৈ অহাৰ ফলস্বৰূপে ৰাজ্যখনত নৱবিজয়ী কংগ্ৰেছে একাধিক দাবীদাৰৰ মাজৰ পৰা এগৰাকী মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাটোৱে এতিয়া দলটোৰ বাবে এক সমস্য হিচাপে ধৰা দিয়াৰ দিশত অগ্ৰসৰ হৈছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত পোষণ কৰিছে। এতিয়া শেষত শীৰ্ষ আসনখনত অধিষ্ঠিত হোৱাৰ দৌৰত কোনগৰাকী নেতাৰ কপাল ফুলে, সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd