NORTHEAST NOW (Assamese)

কলিয়াবৰৰ নলতলিত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত

May 24, 2021 4:37 pm · ৰিদিপ শৰ্মা

আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ’ল কলিয়াবৰত।
কলিয়াবৰৰ নলতলিৰ ৩৭ নং (ক) ৰাষ্ট্রীয় ঘাইপথত এখন অচিনাকি ট্ৰেভেলাৰৰ খুন্দাত এজন চাইকেল আৰোহী গুৰুতৰ ভাবে আহত হয়।

আহত লোকজনক ততাতৈয়াকৈ চুলুং আৰক্ষীয়ে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে।

মৃত লোকজন নলতলিৰ কলনীৰ প্ৰদীপ দাস ( জান) বুলি জানিব পৰা গৈছে।

বৰ্তমান চুলুং আৰক্ষীয়ে মৃতদেহতো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।

Related News