NORTHEAST NOW (Assamese)

ভূমি বিবাদৰ ফলশ্ৰুতিত শিলচৰত এজনৰ মৃত্যু

September 26, 2021 2:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 26, 2021 2:43 pm

অসমত ভূমি বিবাদৰ ঘটনাই ক্ৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

আজি শিলচৰত এক হিংসাত্মক ভূমি বিবাদৰ ঘটনা সংঘটিত হৈছে।

আজি শিলচৰৰ শৌনবৰিঘাট অঞ্চলত ভূমি মাফিয়াৰ হাতত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

মৃত্যু হোৱা ব্যক্তিজনৰ নাম জাছিম উদ্দিন মজুমদাৰ বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি জাছিম উদ্দিনে ভূ মাফিয়াৰ পৰা নিজৰ ভূমি ৰক্ষা কৰিবলৈ যাওঁতে এই ঘটনা সংঘটিত হয়।

লগতে পঢ়ক: নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰ কোন দিশে ? শাস্তি হ’বনে নন্দিতাৰ হত্যাকাৰীৰ?

জাছিমৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি ভূ মাফিয়াৰ পৰা নিজৰ ভূমি ৰক্ষা কৰিবলৈ যাওঁতে মেহবূব ৰহমান নামৰ যুৱক এজনে জাছিম উদ্দিনক আক্ৰমণ কৰে আৰু এই আক্ৰমণৰ ফলতে জাছিমৰ মৃত্যু হয়।

Related News