NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ: নিহত ১ সন্ত্ৰাসবাদী

April 23, 2022 8:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 23, 2022 8:11 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

জম্মু-কাশ্মীৰত শেহতীয়াকৈ ধাৰাবাহিকভাৱে চলি থকা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষৰ মাজতে আজি পুনৰ আন এক ভয়াবহ সংঘৰ্ষ সংঘটিত হয়।

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত সংঘটিত এই সংঘৰ্ষত জেইছ-ই-মহম্মদৰ এজন সন্ত্ৰাসবাদী নিহত হৈছে আৰু তিনিজন সন্ত্ৰাসবাদী আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে অঞ্চলটোত এটা অনুসন্ধান অভিযান আৰম্ভ কৰিছিল।

সেনা-বাহিনীৰ দলটো সন্দেহযুক্ত স্থানৰ ফালে গতি কৰাৰ সময়তে লুকাই থকা উগ্ৰপন্থীসকলে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল বুলি সেনাই প্ৰকাশ কৰিছে।

শুকুৰবাৰেও জম্মুৰ এটা সেনা চাউনীৰ ওচৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল।

এই সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন সৈনিকো নিহত হয়। সংঘৰ্ষত আন চাৰিজন সেনা জোৱান আহত হৈছে বুলিও সেনাৰ সূত্ৰই প্ৰকাশ কৰিছিল।

উল্লেখ্য যে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে সংঘটিত এই সংঘৰ্ষই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News