উত্তৰাখণ্ডৰ মহাপ্ৰলয়ত সন্ধানহীন অসমৰ দুই ভাতৃ, ১০ টা মৃতদেহ উদ্ধাৰ, উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী

a 123

আঠ বছৰৰ বিৰতিত হোৱা ভয়ংকৰ প্ৰাকৃতিক মহাপ্ৰলয়ত  উত্তৰাখণ্ডত নিখোজ হৈ পৰা প্ৰায় ১৫০ লোকৰ ভিতৰৰে ১০ জনৰ মৃতদেহ উদ্ধাৰ হৈছে।

হিমবাহ খহি পৰাৰ ফলত হঠাতে অহা বানে এই লোক কেইজনক উটুৱাই নিছিল।

ইপিনে এই মহাপ্ৰলয়ত অসমৰ কামপুৰৰ দুই ভাতৃ সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি তেওঁলোক হৈছে কামপুৰৰ চাংচকীৰ অমৰজ্যোতি দাস আৰু কমল দাস।উত্তৰাখণ্ডত অসমৰ কেইবাজনো লোক থকা বুলিও জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত অধিক খবৰৰ বাবে অপেক্ষা কৰা হৈছে।

ইতিমধ্যে এনডিআৰএফৰ ২০০ জনীয়া দল এটাই যুদ্ধকালিন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই গৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰাখণ্ডৰ ঘটনাত নিখোজ হৈ পৰা লোকসকলৰ সন্ধান উলিয়াবলৈ সংশ্লিষ্ট সকলো বিভাগকে নিৰ্দেশ দিছে।

ডেৰাদুনৰ পৰা উদ্ধাৰকাৰীৰ এটা বিশেষ দলে ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু তেওঁলোকে আজি নিশাৰ পৰা উদ্ধাৰ অভিযান চলাব।

ইপিনে অসম তথা পশ্চিমবংগ ভ্ৰমণ কৰি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মহাপ্ৰলয়ত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে উদ্ধাৰ অভিযান খৰতকীয়া কৰাৰ নিৰ্দেশ দিছে।

উল্লেখ্য আজি পুৱা উত্তৰাখণ্ডৰ ধাউলি গংগা নদীৰ পানী হঠাতে ওফন্দি উঠাৰ ফলত মুহূৰ্তৰ ভিতৰতে এক বৃহৎ অঞ্চল পানীৰ ঢলে ঢৌৱাই নিয়ে।

পানীৰ সোঁতত ঋষি গংগা শক্তি প্ৰকল্পত কৰ্মৰত প্ৰায় ১৫০ জন কৰ্মীক উটুৱাই নিয়ে।

এতিয়ালৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাই।উত্তৰাখণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ শীৰ্ষ বিষয়া ৰিধিম আগৰৱালাই প্ৰকাশ কৰা মতে ৰাজ্য খনৰ চামলি জিলাৰ তপোবন অঞ্চল ৰেনী নামৰ অঞ্চলটোত বৰফৰ এটা বৃহৎ খণ্ড খহি পৰাৰ ফলতে নৈৰ জলপৃষ্ঠ হঠাতে বাঢ়ি যায়।

হিমবাহ গলি যোৱাৰ ফলতে দাউলি গংগা নদীৰ জলপৃষ্ঠ বাঢ়ি যায় আৰু নৈ খনৰ ভাঙি পৰে।

হঠাতে সৃষ্টি হোৱা বানে বহু ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে।

আজিৰ এই ঘটনাই ৮ বছৰ পূৰ্বে কেদাৰনাথত হোৱা মহাপ্ৰলয়ৰ কথা পুনৰ ৰাজ্য খনৰ বাসিন্দাসকলক মনত পেলাই দিছে।

ইতিমধ্যে আইটিবিপিৰ জোৱানে সমগ্ৰ অঞ্চলটোত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

বায়ু সেনা বাহিনীয়েও হেলিকপ্তাৰেৰে উদ্ধাৰ কাৰ্য চলাই গৈছে।