NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত শোকাৱহ দুৰ্ঘটনাঃ পথৰ পৰা দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন, ১০ জনৰ মৃত্যু

March 29, 2024 9:50 am · এন ই নাও নিউজ, গুৱাহাটী

এক শোকাৱহ দুৰ্ঘটনাই আজি জোকাৰি গৈছে জম্মু-কাশ্মীৰ। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাহন পথৰ কাষৰ দ খাৱৈত বাগৰি পৰাৰ ফলত ১০ জন লোকৰ মৃত্যু হয়।

উপত্যকাটোৰ ৰামবন অঞ্চলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), আৰু ৰামবানৰ অসামৰিক দ্ৰুত সঁহাৰি দল QRT)ৰ এটা দলে সেই স্থানত উপস্থিত হয়।

স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, পুৱা প্ৰায় ১.১৫ বজাত শ্ৰীনগৰৰ পৰা জম্মুলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাহনখন।  

ধাৰাসাৰ বৰষুণৰ মাজতে উদ্ধাৰকাৰী দলটোৰ তৎপৰতাত উদ্ধাৰ হৈছে নিহত আটাইকেইজন লোকৰ মৃতদেহ।

নিহত লোকসকলৰ ভিতৰত বাহনখনৰ চালক জম্মুৰ বাসিন্দা বলৱান সিং (৪৭) আৰু বিহাৰৰ পশ্চিম চম্পাৰাণৰ বিপিন মুখিয়া ভাইৰাগাং নামৰ লোকজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

Related News