• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

দুৰন্ত, দুৰ্দমনীয় ৰিয়ানঃ দিল্লীক পৰাস্ত কৰি ৰাজস্থানৰ দ্বিতীয় জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2024 8:58 am
IPL Riyan Parag
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইটামান ব্যৰ্থ ছিজন, বাৰে বাৰে সুযোগ লাভৰ পিছতো সেই সুযোগ কাৰ্যকৰী কৰাত হৈছিল ব্যৰ্থ। ইয়াৰ পিছত ধাৰাবাহিক ট্ৰল তথা সমালোচনা। কিন্তু অটুট মনোবল। বিশ্বাস দলৰ প্ৰশিক্ষক-অধিনায়ককে ধৰি মেনেজমেণ্টৰ। এই বিশ্বাস, মনোবলক সাৰথি কৰি এইবাৰ যেন সকলোৰে ট্ৰল, সমালোচনাক প্ৰশংসালৈ ৰূপান্তৰিত কৰিবলৈ সাজু হৈ খেলপথাৰত নামিছে ৰিয়ান। তাতে ডাৱৰেনো কিমান সময়লৈ আৱদ্ধ কৰি ৰাখিব পাৰে উদিত সূৰ্যক!

ঘৰুৱা ক্ৰিকেটত অদম্য প্ৰদৰ্শনেৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। এই প্ৰদৰ্শনৰ অভিজ্ঞতাই ৰিয়ানক কৰি তুলিছে অধিক আত্মবিশ্বাসী। আৰু সেই আত্মবিশ্বাসৰ ছায়া কালি প্ৰতিফলিত কৰিলে ৰিয়ান পৰাগে। খেলিলে এতিয়ালৈকে নিজৰ সৰ্বশ্ৰেষ্ঠ টি-২০ ইনিংছ। দিল্লী কেপিটেলছৰ বিপক্ষে কালি জয়পুৰত অনুষ্ঠিত হোৱা লীগ মেচখন প্ৰথমে বেটিং কৰি সংকটত পৰিছিল ৰাজস্থান ৰয়েলছ্। মাত্ৰ ৩৬ ৰাণৰ দলীয় স্ক’ৰতে পেভিলিয়নলৈ উভতিছিল দলৰ বেটিং লাইন আপৰ তিনি মূল তাৰকা জয়ছোৱাল (৫), বাটলাৰ (১১) আৰু চেমচন (১৫)।

Apply Now

দলীয় এনে সংকটে ৰিয়ানৰ হাতত তুলি দিছিল নিজকে প্ৰমাণ কৰাৰ সুৱৰ্ণ সুযোগ। আৰু এইবাৰ সেই সুযোগ নেৰিলে যুৱ তাৰকাগৰাকীয়ে। অশ্বিনৰ সৈতে লগ লাগি ধীৰে-সুস্থিৰে আগুৱাই নিলে দলীয় ইনিংছ। গঢ়িলে এক প্ৰয়োজনীয় যুটী। দুয়ো চতুৰ্থ উইকেটত যোগ দিলে গুৰুত্বপূৰ্ণ ৫৪ ৰাণ। প্ৰথমে ধৈৰ্যশীলভাৱে আৰম্ভ কৰি পিছলৈ আক্ৰমণৰ চোক বৃদ্ধি কৰা অশ্বিনে ১৯ টা বলত তিনিটা ছয়েৰে ২৯ ৰাণ কৰি বিদায় লয়। ইয়াৰ পিছত ক্ৰীজলৈ অহা ধ্ৰুৱ জুৰেলৰ সৈতে ৰিয়ানে যোগ দিয়ে ৫২ ৰাণ।

তেতিয়ালৈ ক্ৰীজত সম্পূৰ্ণৰূপে খোপনি পোতা ৰিয়ানে ক্ৰমাৎ বৃদ্ধি কৰিলে আক্ৰমণৰ চোক। জুৰেলে ১২ বলত তিনিটা চাৰিৰে ২০ ৰাণ কৰি বিদায় ল’লেও ৰিয়ানে সম্পূৰ্ণ কৰে আই পি এল কেৰিয়াৰৰ তৃতীয়টো অৰ্ধশতক। অন্তিমটো অভাৰত ৰিয়ান হৈ পৰে অতি দুৰন্ত। দক্ষিণ আফ্ৰিকাৰ পেচাৰ ন’কিয়াৰ অভাৰটোত তিনিটা চাৰি আৰু দুটা ছয়েৰে ৰিয়ানে সংগ্ৰহ কৰে ২৫ ৰাণ। ৰিয়ানৰ এনে মাৰমুখী বেটিঙৰ সহায়ত ৰাজস্থানৰ দলীয় স্ক’ৰ ১৮৫ত উপনীত হয়।

মাত্ৰ ৪৫ টা বলত ৭টা চাৰি আৰু ৬টা ছয়েৰে ৰিয়ানে ৮৪ ৰাণৰ চমকপ্ৰদ ইনিংছটোৰে অপৰাজিত থাকে। তেওঁৰ সতে ৭ বলত ১৪ ৰাণ কৰি অপৰাজিত থাকে হেটমায়াৰ। দিল্লীৰ হৈ খলীল আহমেদ, মুকেশ কুমাৰ, ন’কিয়া, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱ- প্ৰতিগৰাকীয়ে এটাকৈ উইকেট লাভ কৰে। ইফালে ১৮৬ ৰাণৰ লক্ষ্য আগত লৈ দিল্লীয়ে এক সফল আৰম্ভণিয়েই ঘটাইছিল। দলৰ দুই অষ্ট্ৰ্লিয়ান তাৰকা ৱাৰ্ণাৰ আৰু মিচেল মাৰ্শ্বে মাত্ৰ ৩.২ অভাৰতে ৩০ ৰাণ যোগ দিছিল। কিন্তু নান্দ্ৰে বাৰ্গাৰে মাৰ্শ্বক (২৩) বিদায় দি এই যুটী ভংগ কৰে।

একেটা অভাৰতে বাৰ্গাৰে ৰিকি ভূইক (০) বিদায় দি দিল্লীক বেকফুটলৈ ঠেলি দিয়ে। অৱশ্যে ইয়াৰ পিছত ৱাৰনাৰ আৰু অধিনায়ক পণ্টে দলৰ ইনিংছ আগুৱাই লৈ যায়। দুয়ো তৃতীয় উইকেটত ৬৭ ৰাণ যোগ দি দলীয় স্ক’ৰ ৯৭ লৈ তুলি নিয়ে। আভেশ খানৰ বলত সন্দীপ শৰ্মাৰ হাতত কেচ তুলি বিদায় লোৱাৰ আগলৈ ৱাৰ্ণাৰে ৩৪ বলত ৫টা চাৰি আৰু ৩টা ছয়েৰে ৪৯ ৰাণৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে। কিছু সময় পিছতে পণ্টো চাহালৰ চিকাৰ হয়। ২৬ বলত দুটা চাৰি এটা ছয়েৰে পণ্টে সংগ্ৰহ কৰে ২৮ ৰাণ।

প্ৰথমখন মেচত দৰ্শনীয় বেটিং কৰা অভিষেক পৰেল আজি ব্যৰ্থ হয়। চাহালে বিদায় দিয়ে পৰেলক (৯)। শেষৰ ফালে ট্ৰিষ্টান ষ্টাব্ছে মাৰমুখী বেটিঙেৰে যুঁজ দিছিল যদিও তেওঁৰ এই চেষ্টা অথলে যায়। অন্তিমটো অভাৰত দিল্লীক জয়ৰ বাবে প্ৰয়োজন হৈছিল ১৭ ৰাণ। কিন্তু আভেশে দৰ্শনীয় বলিঙেৰে অভাৰটোত খৰচ কৰে মাত্ৰ ৪ ৰাণ আৰু দলক তুলি দিয়ে গুৰুত্বপূৰ্ণ বিজয়। দিল্লীৰ ইনিংছত ষ্টাব্ছে ২৩ বলত ২টা চাৰি আৰু ৩টা ছয়েৰে ৪৪ ৰাণত আৰু অক্ষৰ পেটেল ১৫ ৰাণত অপৰাজিত থাকে।

ৰাজস্থানৰ হৈ চাহাল, বাৰ্গাৰে দুটা আৰু আভেশ খানে এটা উইকেট লাভ কৰে। দৰ্শনীয় তথা মেচ নিৰ্ণায়ক ইনিংছটোৰ বাবে ৰিয়ান মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। এই জয়েৰে ৰাজস্থানে এতিয়া দুখন মেচত চাৰি পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd