১০ দিনত ৮টা শিয়ালৰ মৃত্যু : ৰাজ্যিক চিৰিয়াখানাত এতিয়া আতংকৰ নাম কেনাইন ডিছটেম্পাৰ ভাইৰাছ!! (ভিডিঅ’টো চাবলৈ ক্লিক কৰক)

StateZoo

ৰাজ্যিক চিৰিয়াখানাত আজি জন্তুবোৰক ভেকচিন দিয়াৰ সময়ৰ দৃশ্য।

অসম ৰাজ্যিক চিৰিয়াখানাত বিগত ১০টা দিনত ৮ টাকৈ শিয়ালৰ মৃত্যুৰ ঘটনাই এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছে। শিয়ালৰ অস্বাভাৱিক মৃত্যুত শংকিত হৈ পৰিছে চিৰিয়াখানা কৰ্তৃপক্ষ।

চিৰিয়াখানা কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে ‘কেনাইন ডিছটেম্পাৰ’ নামৰ এবিধ ভাইৰাছত আক্ৰান্ত হৈ শিয়ালকেইটাৰ মৃত্যু হৈছে। এই ভাইৰাছৰ অধিক সংক্ৰমণ যাতে নহয়, তাৰ বাবে ইতিমধ্যে চিৰিয়াখানা কৰ্তৃপক্ষ তৎপৰ হৈ পৰিছে।

চিৰিয়াখানাৰ ডি এফ অ’ তেজস্ব মৰিস্বামীয়ে জানিবলৈ দিয়ামতে সচৰাচৰ কুকুৰৰ পৰা সংক্ৰমণ ঘটে এই ভাইৰাচ বিধৰ।

তেওঁ কয়, “সাধাৰণতে ঘৰচীয়া বা পথত থকা কুকুৰৰ গাত এই ‘কেনাইন ডিছটেম্পাৰ’ ভাইৰাছ থাকে। গতিকে কেনেবাকৈ কুকুৰৰ গাৰ পৰা শিয়াললৈ এই ভাইৰাছ বিয়পিব পাৰে। খুব সম্ভৱ, চিৰিয়াখানালৈ অহা কোনো দৰ্শনাৰ্থী এই ভাইৰাচ থকা কুকুৰৰ সংস্পৰ্শলৈ আহিছিল আৰু তেওঁৰ জৰিয়তেই হয়তো শিয়াললৈ এই ভাইৰাচবিধৰ সংক্ৰমণ ঘটিব পাৰে। এই ভাইৰাচবিধৰ পৰা মানুহৰ কোনো ক্ষতি নহয়। কিন্তু মানুহৰ জৰিয়তে ই বিয়পিব পাৰে। ইয়াৰ উপৰি এই ভাইৰাচত আক্ৰান্ত কোনো কুকুৰ যদি কেনেবাকৈ চিৰিয়াখানাৰ শিয়ালৰ সংস্পৰ্শলৈ আহিছে তেনেকৈও ই বিয়পিব পাৰে।”

তেওঁ লগতে কয়, এই ভাইৰাচৰ সংক্ৰমণ ৰোধ কৰিবলৈ চিৰিয়াখানাত থকা শিয়ালৰ উপৰি বাঘ, সিংহ আৰু হায়েনাক টিকা প্ৰদান কৰা হৈছে।

বিষয়াজনে আমাক জনোৱামতে, চিৰিয়াখানাত এতিয়ালৈকে কেৱল শিয়ালহে এই ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হৈছে। কিন্তু তৎসত্ত্বেও বাঘ, সিংহ আৰু হায়েনা আদি জন্তুসমূহলৈ ই বিয়পিব যাতে নোৱাৰে তাৰ বাবে আন জন্তুবোৰৰো টিকাকৰণ কৰি থকা হৈছে।

ইয়াৰ উপৰি বনৰীয়া জন্তুৰ ‘কেনাইন ডিছটেম্পাৰ’ ভাইৰাচৰ প্ৰতিষেধক টিকা অসমত উপলব্ধ নহয় আৰু উত্তৰ প্ৰদেশৰ পৰা এই প্ৰতিষেধক আনিব লগীয়া হৈছে। সাধাৰণ কুকুৰক দিয়া ‘কেনাইন ডিছটেম্পাৰ’ ভাইৰাচৰ টিকা বনৰীয়া জন্তুৰ বাবে নহয়। এইদৰে কয় বিষয়াগৰাকীয়ে।

“এই ভাইৰাচৰ প্ৰাদুৰ্ভাৱ ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ আৰু দিল্লীৰ চিৰিয়াখানাত হৈছিল। গতিকে আমাৰ সহকাৰী বন সংৰক্ষক এগৰাকী উত্তৰ প্ৰদেশলৈ গৈ তাৰ পৰা এই প্ৰতিষেধক আনিছে। তাৰ পাছত আমি ইয়াত টিকা প্ৰদান কৰিছো”, ডি এফ অ’ তেজস্ব মৰিস্বামীয়ে কয়।

উল্লেখযোগ্য যে ৰাজ্যিক চিৰিয়াখানাত শিয়াল ‘কেনাইন ডিছটেম্পাৰ’ ভাইৰাচত আক্ৰান্ত হোৱা বুলি অৱগত হোৱাৰ পিছৰ পৰাই শিয়ালকেইটাক আন জন্তুৰ পৰা আঁতৰাই ৰখা হৈছে।

আনহাতে শিয়ালৰ উপৰি হায়েনা আৰু আন জীৱ-জন্তুও এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি সত্য নহয় বুলি জনায় বিষয়াজনে।