ছিকিম ডেম’ক্ৰেটিক ফ্ৰন্টৰ ১০জন বিধায়কে যোগ দিলে বিজেপিত

power-1-2-750x375

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ উপস্থিতিত এছ ডি এফৰ ১০জন বিধায়কে নতুন দিল্লীত মঙলবাৰে বিজেপিত যোগদান কৰে।

ছিকিম ডেম’ক্ৰেটিক ফ্ৰন্টৰ (এছ ডি এফ) ১০জন বিধায়কে মঙলবাৰে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ উপস্থিতিত বিধায়ককেইজনে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰে।

উক্ত যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে পি নড্ডাও উপস্থিত থাকে।

ছিকিম বিধানসভৰ নিৰ্বাচনত পবন কুমাৰ চামলিং নেতৃত্বাধীন এছ ডি এফৰ ১৫জন বিধায়ক বিজয়ী হৈছিল।

ইয়াৰে ১০জন বিধায়কে আজি বিজেপিত যোগদান কৰে।

ৰাজ্যখনত বৰ্তমান ছিকিম ক্ৰান্তিকাৰী মৰ্চা (এছ কে এম)দলৰ চৰকাৰ আছে আৰু প্ৰেম সিং তামাং ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পদত আছে।

বিগত ২৫ বছৰ ধৰি ছিকিমৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্যকাল চলোৱা এছ ডি এফৰ মুৰব্বী পবন কুমাৰ চামলিঙৰ বাবে ই এক মোক্ষম আঘাত বুলি বিবেচিত হৈছে।

ৰাজ্য বিধানসভাৰ নিৰ্বাচনত পি এছ গোলে নেতৃত্বাধীন ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ৩২ খন আসনৰ ১৭খনত জয়লাভ কৰি ক্ষমতালৈ আহিছিল।

গোটেই দেশতে বৰ্তমান বিজেপিৰ সদস্য ভৰ্তি অভিযান চলি আছে।

বিজেপিত এতিয়া বিভিন্ন দলৰ নেতা তথা প্ৰতিষ্ঠিত নেতায়ো যোগদানৰ বাবে ঢাপলি মেলিছে।

শেহতীয়াকৈ আন দলৰ বহু শীৰ্ষ নেতা বিজেপিত যোগদান কৰিছে।