NORTHEAST NOW (Assamese)

পুনৰ ভাৰতত ১০ জন পাক নাগৰিকক আটক! ভুৱা পৰিচয় লৈ জীৱন নিৰ্বাহ কৰা পাকিস্তানীৰ গ্ৰেপ্তাৰৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি

October 10, 2024 1:35 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ আৰু ১০ জন পাকিস্তানী নাগৰিক। গ্ৰেপ্তাৰৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি। এই কথা বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে। ধৃতসকলৰ পৰা ভুৱা পৰিচয় পত্ৰ, পাছপ’ৰ্টকে ধৰি কেইবাখনো নথি-পত্ৰও উদ্ধাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বহু দিন ধৰি বাংগালুৰুত ভুৱা পৰিচয় দি পাকিস্তানী নাগৰিকে বাস কৰি আছিল। কিন্তু পাৰভেজ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পাছতহে বিষয়টো পোহৰলৈ আহে। ভুৱা আধাৰ, পৰিচয় পত্ৰ আৰু পাছপ’ৰ্ট বনাইছিল। কেৱল সেয়াই নহয়, অনুপ্ৰৱেশকাৰীক বিভিন্ন ধৰণে সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি প্ৰথমে পাৰভেজক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে তেওঁক জেৰাত দেখা গ’ল যে কেইবাজনো পাকিস্তানী নাগৰিকে ভুৱা পৰিচয় পত্ৰ লৈ চহৰখনত বাস কৰি আছে। সেই ভিত্তিতে আৰম্ভ হৈছিল অনুসন্ধান অভিযান।

কিছুদিন পূৰ্বে জিগনিৰ পৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পাছত পিনিয়াৰ পৰা আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। বেংগালুৰু আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে। বুধবাৰে অভিযান চলাই আৰু ১০ জন লোকক আটক কৰে। এনে ভুৱা পৰিচয় থকা আৰু বহু লোক আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। তালাচী চলোৱা হৈছে। এই গেঙৰ লগত আৰু কোন জড়িত, গেংটোৰ নেটৱৰ্ক কিমান দূৰলৈ বিয়পি আছে, তদন্ত কৰি আছে আৰক্ষীয়ে।

Related News