NORTHEAST NOW (Assamese)

কামৰূপ জিলাৰ ছয়াগাঁৱত ১০ টাকৈ শগুণৰ মৃত্যু

February 15, 2020 5:03 pm · এন ই নাও নিউজ
Updated: February 16, 2020 7:10 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস, ইন্টাৰনেট

কামৰূপ জিলাৰ ছয়গাঁৱৰ বামুনীগাঁৱত মৃত্যু ঘটিছে ১০ টাকৈ শগুণৰ।বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্য ঘটনা সন্দৰ্ভত অসম বন বিভাগে এজাহাৰ দাখিল কৰিছে স্থানীয় ছয়গাঁও আৰক্ষী থানাত।

শ্বিলং টাইমছত উদ্ধৃতি দি শনিবাৰে পশ্চিম কামৰূপ খণ্ড বন সংমণ্ডল বিষয়াগৰাকীয়ে কয় যে বিহযুক্ত এটা গৰুৰ মৰাশ ভক্ষণ কৰাৰ ফলত শগুণ ১০ টা মৃত্যু ঘটা বুলি সন্দেহ কৰা হৈছে।

‘এতিয়ালৈকে এই ১০ টা শগুণ মৃত্যু ঘটাৰ কাৰণ কি সেয়া নিশ্চিত হোৱা নাই।শগুণকেইটাৰ মৰাশ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা হ’ব।আৰু অধিক শগুণ ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱা সন্দেহ কৰা হৈছে।আৰু এটা শুগুণ উদ্ধাৰ কৰি ৰাণীস্থিত শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।’ বন সংমণ্ডল বিষয়াগৰাকীয়ে এই দৰে কয়।

এই ঘটনাৰ সন্দৰ্ভত বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিষয়াগৰাকীয়ে কয় যে ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰু তদন্তৰ প্ৰক্ৰিয়া আগবাঢ়িছে।

এইধৰণৰ ঘটনাবোৰ সজাগতাহীনাৰ বাবে সংঘটিত হোৱা দেখা যায়। সেয়ে স্থানীয় লোকৰ মাজত সজাগতা বৃদ্ধিৰ বাবে গাঁও পঞ্চায়তৰ উদ্যোগত সজাগতা সভা আৰু কাৰ্যসূচী গ্ৰহণৰ পোষকতাও কৰে খণ্ড বন সংমণ্ডল বিষয়াগৰাকীয়ে।

Related News