NORTHEAST NOW (Assamese)

অবিশ্বাস্য! ৯.৪ অভাৰ, ০ ৰান, ৮ উইকেট; শিৰোণামাত এগৰাকী ক্ৰিকেটাৰ, কোন এই ঋষি?

November 30, 2023 3:30 pm · এন ই নাও নিউজ, গুৱাহাটী

এক দুই নহয়, কোনো ৰান নিদিয়াকৈ মুঠ ৮টা উইকেট দখল কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে শ্ৰীলংকাৰ এগৰাকী বলাৰে। এই ঘটনাত স্তম্ভিত হৈ পৰিছে ক্ৰিকেট জগত। এই বলাৰৰ বয়স মাত্ৰ ১০ বছৰ। এই ঘটনা সংঘটিত হৈছে কলম্বোত স্কুলৰ ১৩ বছৰ অনুৰ্ধ ডিভিজন-২ৰ মেচত।

শ্ৰীলংকাৰ ১০ বছৰীয়া ছাত্ৰগৰাকীয়ে চেলভাস্কৰণে ঋষিযুধনে সেই মেচখনত এককভাৱে নিজৰ স্কুলক বিজয়ী কৰে। তেওঁ অষ্ট্ৰেলিয়াৰ তাৰকা নাথান লিয়নক নিজৰ আদৰ্শ হিচাপে গণ্য কৰে। ঋষিয়ে কেনেকৈ ০ ৰানত ৮ উইকেট দখল কৰিলে?

হিন্দু স্কুল কলম্বোৰ হৈ অসাধাৰণ বলিং কৰি স্পিনাৰ চেলভাস্কৰণে সকলোৰে চকু কপালত তুলিলে। এম ডি এইচ জয়ৱৰ্ধনে এম ভিৰ বিৰুদ্ধে তেওঁ ৯.৪ অভাৰত বলিং কৰি ৮টা উইকেট দখল কৰে। হিন্দু স্কুল কলম্বোৰ প্ৰতিদ্বন্দ্বী এম ডি এইচ জয়ৱৰ্ধনে এম ভি এই বলিঙৰ বাবে মাত্ৰ ২৮ ৰানতে অল আউট হয়।

শ্ৰীলংকাৰ কিংবদন্তি মুথিয়া মুৰলিথৰণৰ দেশৰ উদীয়মান বলাৰগৰাকীয়ে ক্ৰিকেট জগতখনক আচৰিত কৰি তুলিছে। হিন্দু স্কুল কলম্বোত অধ্যয়ন কৰা চেলভাস্কাৰণে কয় যে তেওঁৰ প্ৰিয় ক্ৰিকেটাৰ নাথান লিয়ন। তেওঁৰ দৰে বল কৰিব বিচাৰে ঋষিযুধনে। আৰু ১৯ বছৰ বয়সত শ্ৰীলংকাৰ জাতীয় দলৰ হৈ খেলিব বিচাৰে।

আনহাতে, দহ বছৰীয়া চেলভাস্কাৰণে কয় যে তেওঁ ছটা প্ৰকাৰৰ ডেলিভাৰী জানে। ইয়াৰ ভিতৰত আছে – অফ-স্পিন, লেগ-স্পিন, কেৰম বল, লুপ, ফ্লেট লুপ আৰু ফাষ্ট বল।

Related News