NORTHEAST NOW (Assamese)

দিল্লী, মুম্বাইৰ দিশে অসম; ৰাজ্যত এদিনতে কোভিড আক্ৰান্ত ১০০১ গৰাকী

July 14, 2020 12:34 am · এন ই নাও নিউজ
Updated: July 14, 2020 12:36 am
প্ৰতিনিধিত্বমূলক ফটো।

অসমত এদিনতে কোভিড-১৯ আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিছে।

১৩ জুলাইৰ দিনটোতে ৰাজ্যত মুঠ ১০০১ গৰাকী লোক কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হয়।

১৩ জুলাইত কোভিড-১৯ত আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত ৫১৩ গৰাকী লোক গুৱাহাটীৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

ইয়াৰ ফলত ৰাজ্যত ক’ৰ’না আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৭,৮০৭ গৰাকীলৈ বৃদ্ধি পালে।

এদিনতে ৰাজ্যত সহস্ৰাধিক লোক ক’ৰ’না সংক্ৰমিত হোৱাৰ সংখ্যাই সকলোকে উদ্বিগ্ন কৰি তুলিছে।

বৰ্তমানলৈ ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৪০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিভিন্ন চিকিৎসালয়ৰ পৰা মুঠ ১১,৪১৬ গৰাকী লোক ক’ৰ’না মুক্ত হৈ নিজ গৃহলৈ উভতি গৈছে।

বৰ্তমান মুঠ ৬৩৪৮ গৰাকী সক্ৰিয় ক’ৰ’না আক্ৰান্ত ৰোগী ৰাজ্যত চিকিৎসাধীন হৈ আছে।

১৩ জুলাইত ৫২২ গৰাকী ক’ৰ’না আক্ৰান্তক চিকিৎসালয়ৰ পৰা মুক্তি দিয়াও হৈছিল।

Related News