ৰাজ্যত নতুনকৈ ১০১৮গৰাকী কোভিড-১৯পজিটিভ; গুৱাহাটীত আক্ৰান্ত ৫৭৭গৰাকী

COVID19-positive-750x375-1

প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যখনত দেওবাৰে নতুনকৈ আৰু ১০১৮গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে ৫৭৭ গৰাকী।

ইয়াৰ লগে লগে ৰাজ্যত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ২৩৯৯৯গৰাকীলৈ বৃদ্ধি পালে।

এক টুইটৰ যোগে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই কথা।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যত বৰ্তমানে ৭,৯১৬গৰাকী আক্ৰান্তৰ শৰীৰত কোভিড-১৯ ভাইৰাছ সক্ৰিয় হৈ থকাৰ বিপৰীতে কোভিডমুক্ত হৈছে ১৬,০২৩ গৰাকী আক্ৰান্ত।

স্বাস্থ্য মন্ত্ৰীয়ে জনোৱা অনুসৰি ৰাজ্যত বৰ্তমানলৈকে ৫৭ গৰাকী কোভিড-১৯ আক্ৰান্ত লোকৰ মৃত্যু ঘটিছে।

ৰাজ্যখনত শনিবাৰে ১১১৭গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছিল ৫১৫ গৰাকী।

শুকুৰবাৰে ৰাজ্যখনত ১২১৮গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল আৰু ইয়াৰ ভিতৰত অকল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছিল ৫৭০ গৰাকী।

আনহাতে, ৰাজ্যখনত বৃহস্পতিবাৰে ৮৯২গৰাকী লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

ইয়াৰ ভিতৰত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ১৮৪ গৰাকী আছিল।

সেইদৰে, বুধবাৰে ৰাজ্যত ১০৮৮ গৰাকী কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত কৰা হৈছিল। আৰু ইয়াৰ ভিতৰত ৬৪৯ গৰাকীয়েই আছিল গুৱাহাটীৰ মহানগৰীৰ।

উল্লেখ্য যে, ভাইৰাছবিধ সক্ৰিয় হৈ থকা আক্ৰান্তসকলক ৰাজ্যৰ বিভিন্ন কোভিড চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

সেইদৰে, সুস্থ হৈ উঠা কোভিড-১৯ আক্ৰান্তসকলক কোভিড চিকিৎসালয়ৰ পৰা মুক্ত কৰা হৈছে।

প্ৰণিধানযোগ্য যে জুলাই মাহত ৰাজ্যত কোভিড ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।