নিৰাপত্তা বাহিনীয়ে ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা উজনি অসমত নিষিদ্ধ আলফা (স্বাধীন)ৰ মুঠ ১০৭ জন কেডাৰক আটক কৰিছে বুলি প্ৰতিৰক্ষা বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।
বিষয়াগৰাকীৰ জনোৱা মতে, এই সময়ছোৱাত বিদ্ৰোহ বিৰোধী অভিযানত জড়িত নিৰাপত্তা বাহিনীয়ে আলফা (স্বাধীন)ৰ পৰা উজনি অসমত বিদ্ৰোহীৰ পৰা ৬০টা অস্ত্ৰ উদ্ধাৰ কৰিছে।
লগতে পঢ়ক: মাত্ৰ ১২ মিনিটতে গৃহীত ৫০ লাখ কোটিৰ বাজেট! ‘অচল’ সংসদক লৈ কেন্দ্ৰক কটাক্ষ খাৰ্গেৰ
যোৱা এবছৰত মুঠ ২২ জন আলফা (স্বাধীন)ৰ কেডাৰ মূলসুঁতিলৈ ঘূৰি আহিছে বুলি জানিবলৈ দি বিষয়াগৰাকীয়ে লগতে কয় যে নিৰাপত্তা বাহিনীয়ে ৬৪ জন যুৱকক নিষিদ্ধ সংগঠনটোত যোগদান কৰাত বাধা দিছে।
নাম প্ৰকাশ নকৰাৰ চৰ্তত বিষয়াগৰাকীয়ে কয়, “বিগত এবছৰত নিৰাপত্তা বাহিনীয়ে অসমত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দিশত নিজৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে, বিশেষকৈ পূব অসমত য’ত কিছুমান বিশেষ অঞ্চলত আলফা (স্বাধীন)য়ে এতিয়াও নিজৰ কূটাঘাত কাৰ্যকলাপ চলাই আছে যদিও সমৰ্থন কম পোৱাৰ বাবে বৃহৎ পৰিসৰত পলায়নৰ পৰাই স্পষ্ট হৈছে।”
লগতে পঢ়ক: প্ৰতিশোধ! প্ৰেমিকাৰ বিয়াত বোমা উপহাৰ প্ৰাক্তন প্ৰেমিকৰ; বিস্ফোৰণত দৰাকে ধৰি দুজন নিহত
বিষয়াগৰাকীয়ে দাবী কৰে যে সুস্থিৰ চৰকাৰৰ বাবে ৰাজ্যখনৰ উন্নয়নৰ ফলত আলফাৰ মতাদৰ্শগত স্থিতি দীৰ্ঘদিন ধৰি সীমিত হৈ পৰিছে যাৰ পৰিণতিত আনকি বৃহৎ সংখ্যক কেডাৰ গ্ৰেপ্তাৰ হৈছে, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে, কেডাৰে আত্মসমৰ্পণ কৰিছে তথা নিযুক্তি দিয়াতো বাধা হৈছে।