NORTHEAST NOW (Assamese)

ডিমৌৰ থাওৰা দ’লত ভয়ংকৰ দুৰ্ঘটনা; ১১ জনকৈ লোক নিহত

September 23, 2019 11:00 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: September 23, 2019 1:05 pm

আজি পুৱাই শিৱসাগৰৰ ডিমৌৰ থাওৰা দ’লৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১১ জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।

জানিব পৰা মতে ডিব্ৰুগড় অভিমুখী এখন আল্ট্ৰা বাছ আৰু তিনিচুকীয়াৰ পৰা যোৰহাটৰ দিশে গৈ থকা এখন ট্ৰেভেলাৰৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

যাৰ ফলত ট্ৰেভেলাৰখনৰ সন্মুখভাগ চূৰ্ণ বিচূৰ্ণ হয় আৰু ভিতৰত থকা যাত্ৰীসকলৰ চাৰিজনৰ থিতাতে মৃত্যু হয়।

স্থানীয় ৰাইজৰ তৎপৰতাত আহত সকলক ততাতৈয়াকৈ ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়ত ৭ জন ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে আহত সকলৰ ৮ জনক  ইতিমধ্যে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে ৭ জনৰ আঘাত গুৰুত্বৰ বুলি জানিব পৰা গৈছ।

অৱশ্যে শিৱসাগৰ জিলা প্ৰশাসনে দুৰ্ঘটনাত ৯ জন লোক নিহত আৰু ১২ জন লোক আহত হৈছে বুলি জানিবলৈ দিয়ে।

মৃত ব্যক্তি কেইজনক বাতৰি লিখা পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে। ইফালে নিহতৰ সংখ্য আৰু অধিক হোৱাৰ সম্ভৱনা আছে বুলিও জানিব পৰা গৈছে।

দুৰ্ঘটনাত পতিত আল্ট্ৰা বাছখনৰ নম্বৰ হৈছে এ এছ ০৫ চি ৫৯৯৯ আৰু ট্ৰেভেলাৰ খনৰ নম্বৰ হৈছে এ এছ২৩ বি চি ৬৮৭৮। সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে সংঘৰ্ষৰ ফলত ট্ৰেভেলাৰ খন দ’ খাৱৈত সোমাই পৰে।

পুৱাৰ ভাগত কিনকিনিয়া বৰষুণৰ লগতে দুয়োখন বাহন তীব্ৰ গতিত আছিল বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আল্ট্ৰা বাছখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পালয়ন কৰে।

Related News