যোৱা জুন মাহৰ পৰা গাজাৰ সাহায্য শিবিৰসমূহ গড়ে ১১ মিনিটৰ বাবে খোলা আছে। এই সময়ৰ ভিতৰত খাদ্য সংগ্ৰহ কৰিব লাগিব। এই সময়ছোৱাত সাহায্য শিবিৰত খাদ্য লোৱাৰ হুলস্থুল হোৱাটো স্বাভাৱিকতে। ট্ৰেজেডী সদৃশ ঘটনা সংঘটিত হৈছে। ইয়াৰ লগত গুলী চলি আছে। মুঠতে গাজাৰ সাহায্য শিবিৰবোৰ মৃত্যুৰ ফান্দত পৰিণত হৈছে। ফলত অনাহাৰ আৰু অপুষ্টিৰ ফলত শিশুৰ মৃত্যুৰ হাৰ অহৰহ বৃদ্ধি পাইছে। বাতৰি অনুসৰি গাজাত যোৱা ৩ দিনত ২১ টা শিশুৰ অনাহাৰে মৃত্যু হৈছে।
ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছে যে যোৱা মে’ মাহৰ পৰা গাজাৰ সাহায্য শিবিৰলৈ খাদ্য আনিবলৈ চেষ্টা কৰি হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। দেশৰ খাদ্য সংকটে শিখৰত উপনীত হৈছে। ২০ লাখতকৈ অধিক লোকে নূন্যতম খাদ্য আৰু জীৱন ধাৰণৰ মানদণ্ড লাভ কৰা নাই। একমাত্ৰ উপায় হ’ল সাহায্য শিবিৰ। তাতো ইজৰাইলৰ সৈন্যই সাহায্য লাইনত থিয় হৈ থকা ভোকাতুৰ লোকসকলক গুলীচালনা কৰিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে এই পৰিস্থিতিক ভয়াৱহ বুলি অভিহিত কৰিছে।
ইফালে গাজাৰ এখন চিকিৎসালয়ত যোৱা তিনিদিনত পুষ্টিহীনতা আৰু অনাহাৰৰ বাবে তাত ২১টা শিশুৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছে! গাজাৰ আল-শ্বিফা মেডিকেল চেণ্টাৰৰ সঞ্চালক মহম্মদ আবু ছালমিয়াই কয় যে চিকিৎসালয়ত পুষ্টিহীনতা আৰু অনাহাৰে ভুগি থকা ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে। ছালমিয়াই সেই সংখ্যাক যথেষ্ট ‘চিন্তনীয়’ বুলি অভিহিত কৰে। দিনৰ পিছত দিন সাহায্য শিবিৰলৈ গৈ মানুহে খাদ্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। বেছিভাগ ক্ষেত্ৰতে আগদিনাৰ পৰাই গোটেই ৰাতি খাদ্যৰ বাবে শাৰী পাতি থিয় হৈ আছে। এতিয়াও খাদ্য পোৱা নাই। গাজাবাসীয়ে নিজৰ জীৱন বিপন্ন কৰি সাহায্য শিবিৰলৈ ভিৰ কৰিছে অলপ খাদ্যৰ বাবে।
মানৱীয় ফাউণ্ডেশ্যন (GHF)। তেওঁলোকৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। এই সংস্থাটোৱে চাৰিটা স্থানত সাহায্য আগবঢ়াইছে। সাহায্য প্ৰদান কৰা অঞ্চলত পেলেষ্টাইনীসকলৰ প্ৰৱেশ নিষিদ্ধ। ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত সাহায্য শিবিৰটো। তাৰ পৰাই বাসিন্দা আহি সকাহ পাব লাগিব। তাৰ পাছত ইয়ালৈ অহাৰ পাছতো খালী হাতেৰে উভতি আহিব লগা হয়। ইফালে, যোৱা মাৰ্চ মাহৰ পৰা ইজৰাইল সেনাই গাজা দখল কৰি আহিছে। ফলত আন কোনো ব্যক্তিগত সাহায্য অঞ্চলটোত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। যদিও শেহতীয়াকৈ প্ৰবল হেঁচাত অৱৰোধ কিছু পৰিমাণে লাঘৱ কৰা হৈছে, তথাপিও ইয়াৰ দ্বাৰা খাদ্য সংকটৰ অন্ত পৰা নাই।