• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2025 9:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা জুন মাহৰ পৰা গাজাৰ সাহায্য শিবিৰসমূহ গড়ে ১১ মিনিটৰ বাবে খোলা আছে। এই সময়ৰ ভিতৰত খাদ্য সংগ্ৰহ কৰিব লাগিব। এই সময়ছোৱাত সাহায্য শিবিৰত খাদ্য লোৱাৰ হুলস্থুল হোৱাটো স্বাভাৱিকতে। ট্ৰেজেডী সদৃশ ঘটনা সংঘটিত হৈছে। ইয়াৰ লগত গুলী চলি আছে। মুঠতে গাজাৰ সাহায্য শিবিৰবোৰ মৃত্যুৰ ফান্দত পৰিণত হৈছে। ফলত অনাহাৰ আৰু অপুষ্টিৰ ফলত শিশুৰ মৃত্যুৰ হাৰ অহৰহ বৃদ্ধি পাইছে। বাতৰি অনুসৰি গাজাত যোৱা ৩ দিনত ২১ টা শিশুৰ অনাহাৰে মৃত্যু হৈছে।

ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত কোৱা হৈছে যে যোৱা মে’ মাহৰ পৰা গাজাৰ সাহায্য শিবিৰলৈ খাদ্য আনিবলৈ চেষ্টা কৰি হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। দেশৰ খাদ্য সংকটে শিখৰত উপনীত হৈছে। ২০ লাখতকৈ অধিক লোকে নূন্যতম খাদ্য আৰু জীৱন ধাৰণৰ মানদণ্ড লাভ কৰা নাই। একমাত্ৰ উপায় হ’ল সাহায্য শিবিৰ। তাতো ইজৰাইলৰ সৈন্যই সাহায্য লাইনত থিয় হৈ থকা ভোকাতুৰ লোকসকলক গুলীচালনা কৰিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে এই পৰিস্থিতিক ভয়াৱহ বুলি অভিহিত কৰিছে।

Apply Now

ইফালে গাজাৰ এখন চিকিৎসালয়ত যোৱা তিনিদিনত পুষ্টিহীনতা আৰু অনাহাৰৰ বাবে তাত ২১টা শিশুৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছে! গাজাৰ আল-শ্বিফা মেডিকেল চেণ্টাৰৰ সঞ্চালক মহম্মদ আবু ছালমিয়াই কয় যে চিকিৎসালয়ত পুষ্টিহীনতা আৰু অনাহাৰে ভুগি থকা ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে। ছালমিয়াই সেই সংখ্যাক যথেষ্ট ‘চিন্তনীয়’ বুলি অভিহিত কৰে। দিনৰ পিছত দিন সাহায্য শিবিৰলৈ গৈ মানুহে খাদ্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। বেছিভাগ ক্ষেত্ৰতে আগদিনাৰ পৰাই গোটেই ৰাতি খাদ্যৰ বাবে শাৰী পাতি থিয় হৈ আছে। এতিয়াও খাদ্য পোৱা নাই। গাজাবাসীয়ে নিজৰ জীৱন বিপন্ন কৰি সাহায্য শিবিৰলৈ ভিৰ কৰিছে অলপ খাদ্যৰ বাবে।

মানৱীয় ফাউণ্ডেশ্যন (GHF)। তেওঁলোকৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। এই সংস্থাটোৱে চাৰিটা স্থানত সাহায্য আগবঢ়াইছে। সাহায্য প্ৰদান কৰা অঞ্চলত পেলেষ্টাইনীসকলৰ প্ৰৱেশ নিষিদ্ধ। ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত সাহায্য শিবিৰটো। তাৰ পৰাই বাসিন্দা আহি সকাহ পাব লাগিব। তাৰ পাছত ইয়ালৈ অহাৰ পাছতো খালী হাতেৰে উভতি আহিব লগা হয়। ইফালে, যোৱা মাৰ্চ মাহৰ পৰা ইজৰাইল সেনাই গাজা দখল কৰি আহিছে। ফলত আন কোনো ব্যক্তিগত সাহায্য অঞ্চলটোত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। যদিও শেহতীয়াকৈ প্ৰবল হেঁচাত অৱৰোধ কিছু পৰিমাণে লাঘৱ কৰা হৈছে, তথাপিও ইয়াৰ দ্বাৰা খাদ্য সংকটৰ অন্ত পৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

হাউচফুল! ‘বুক মাই শ্ব’ত মাত্ৰ এঘণ্টাতে শেষ প্ৰধানমন্ত্ৰীৰ জনসভাৰ টিকট, ৱেটিং লিষ্টত আছে ৪২ হাজাৰ লোক!

September 8, 2026 8:23 pm
বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

বিবাহবিচ্ছেদ হ’লে কন্যা সন্তানে লাভ কৰিব ‘পৰিয়াল পেঞ্চন’ : ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

September 8, 2026 7:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd