কলিয়াবৰত নতুনকৈ ১১ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত

Covid19..-750x375

কলিয়াবৰত  নতুনকৈ ১১ জন আক্ৰান্ত হৈছে কোভিড-১৯ ত।

জখলাবন্ধা চিকিৎসালয় আৰু জখলাবন্ধা চিকিৎসালয়ৰ সৈতে জড়িত অন্য চাৰিটা কোভিড টেষ্ট কেন্দ্ৰত  ২ জন লোক আক্ৰান্ত হয় কোভিডত।

আক্ৰান্ত ২ ব্যক্তিকে টুমুকী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

ইফালে চিমনাবস্তি চিকিৎসালয়ৰ কোভিড চেন্টাৰৰ সৈতে জড়িত আন চাৰিটা কোভিড টেষ্ট কেন্দ্ৰত কৰা টেষ্টত ৯ জন লোক আক্ৰান্ত হয় কোভিডত।

ইয়াৰে আক্ৰান্ত ৭ জনক স্থানীয় বাগানৰ চিকিৎসালয়ত ভৰ্তি কৰায়।

২ ব্যক্তিক হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে।

এই পৰ্যন্ত কলিয়াবৰত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৩৯০ লৈ বৃদ্ধি পালে।

সুস্থ হৈ উঠিছে- ২১৮ গৰাকী, সক্ৰিয় ৰোগীৰ সংখ্য হৈছেগৈ ১৭২ গৰাকী