NORTHEAST NOW (Assamese)

হোটেলৰ কোঠালৈ মাতি আনি প্ৰেমিকাক ১৭ বাৰ ছুৰীকাঘাত ১১ বছৰ সৰু প্ৰেমিকৰ : বেংগালুৰুত চাঞ্চল্যকৰ ঘটনা

June 9, 2025 8:47 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

হোটেলৰ কোঠালৈ মাতি আনি প্ৰেমিকাক ১৭ বাৰকৈ ছুৰীৰে আঘাত কৰিলে প্ৰেমিকে। বেংগালুৰুত সংঘটিত হৈছে এই ঘটনা। যোৱা শুকুৰবাৰে ২৫ বছৰীয়া ইয়াছ নামৰ এগৰাকী যুৱকে হোটেলৰ কোঠালৈ মাতি আনিছিল ৩৫ বছৰীয়া প্ৰেমিকা হৰিণীক।

হোটেলৰ কৰ্মচাৰীয়ে জনোৱা মতে, সেই নিশা দুয়োৰে মাজত কাজিয়া হৈছিল। তৰ্কৰ সময়ত ইয়াছে হৰিণীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ইফালে, সোমবাৰে হত্যাকাণ্ড পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে অভিযুক্ত প্ৰেমিকক গ্ৰেপ্তাৰ কৰে।

মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি দুয়োজনেই কেঙেৰী জিলাৰ বাসিন্দা। অনুমান কৰা হৈছে যে দুয়োৰে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছিল। ইফালে হত্যাকাণ্ড পোহৰলৈ অহাৰ লগে লগে সুব্যামান্যপুৰা আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰা হয়।বেংগালুৰু দক্ষিণৰ উপ আৰক্ষী আয়ুক্ত লোকেশ বি জগলাগাৰে কয় যে, “বুজা পোৱা গৈছে যে যুৱকজনৰ মহিলাগৰাকীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। কোনো কথাত দুয়োৰে মাজত হোৱা বিবাদৰ বাবে যুৱকজনে নিজৰ প্ৰেমিকাক দাৰে আক্ৰমণ কৰে। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে।”

Related News