NORTHEAST NOW (Assamese)

১,১৩৩জন অবৈধ ‘বিদেশী’ ভৰ্তি হৈ আছে অসমৰ মুঠ ৬টা ডিটেনশ্যন কেম্পত

July 3, 2019 12:54 pm · এন ই নাও নিউজ
ডিটেনশ্যন কেম্প। ফাইল ফটো

বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা অসমত একতৰফা (ex-parte) সিদ্ধান্তৰে ১৯৮৫ চনৰ পৰা বৰ্তমালৈকে প্ৰায় ৬৪ হেজাৰ লোকক বিদেশী ঘোষণা কৰা হৈছে। মঙলবাৰে লোকসভাত এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী জি কিষাণ ৰেড্ডিয়ে এই কথা তথ্য প্ৰকাশ কৰে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে জনাই যে ১৯৮৫ চনৰ পৰা এইবছৰৰ ২৮ ফেব্ৰুৱাৰিলৈকে ৬৩,৯৫৯ জন লোকক অসমত বিদেশী ন্যায়াধিকৰণে একতৰফা সিদ্ধান্তৰে বিদেশী ঘোষণা কৰিছে।

আনহাতে ৰাজ্যত ‘বিদেশী হিচাপে ঘোষিত’সকলক ৰাখিবৰ বাবে থকা মুঠ ৬টা ডিটেনশ্যন কেম্পত যোৱা ২৫ জুনলৈকে ১,১৩৩জন ‘বিদেশী’ক ৰখা হৈছে বুলি তেওঁ কয়। ইয়াৰে ৭৬৯জন এবছৰতকৈ অধিককাল উক্ত ডিটেনশ্যন কেম্পসমূহত থকাৰ বিপৰীতে ৩৩৫জন ৩বছৰতকৈ অধিক কাল আছে।

তদুপৰি ডিটেনশ্যন কেম্পত বন্দী হৈ থকা লোকসকলক প্ৰয়োজন হ’লে জিলা আইনী সেৱা কৰ্তৃপক্ষৰ ফালৰ পৰা বিনামূলীয়াকৈ আইনী সেৱা আগবঢ়োৱা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Related News