NORTHEAST NOW (Assamese)

পুৰণিগুদামত চিৰযুগমীয়া গীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি

July 22, 2019 11:00 pm · ভার্গব হাজৰিকা

ৰুদ্ৰ বৰুৱা সংগীত একাডেমি, অবিনশ্বৰ গোষ্ঠীৰ উদ্যোগত পুৰণিগুদামস্থিত ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণি প্ৰেক্ষাগৃহত যোৱা ১১ জুলাইৰ পৰা অনুষ্ঠিত হোৱা চিৰযুগমীয়া গীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা আজি দৃষ্টি নন্দন সাংস্কৃতিক কাৰ্য্যসূচীৰে সফল সামৰণি পৰে৷

আজি বিয়লি ৪.৩০ বজাত ৰুদ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰুদ্ৰ বৰুৱা সংগীত একাডেমিৰ অধ্যক্ষ অনিল দাসে।

ইয়াৰ পাছতে একাডেমিৰ দুগৰাকী ছাত্ৰীয়ে সাবলীল কণ্ঠৰে বৰগীত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে।

প্ৰতিষ্ঠিত নাট্যকাৰ তথা অৱিনশ্বৰ গোষ্ঠীৰ সম্পাদক দীপক বৰা আৰু নাট্যকৰ্মী তথা কবি, আবৃত্তিকাৰ পূৰৱী শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত কৰ্মশালাৰ প্ৰায় ৭২ গৰাকী বিভিন্ন বয়সৰ প্ৰশিক্ষাৰ্থীয়ে ভোৰতাল নৃত্য আৰু গীত পৰিৱেশন কৰে।

১২ দিনীয়া কৰ্মশালাখনৰ আজিৰ সামৰনি অনুষ্ঠানত ভূপেন্দ্ৰ সঙ্গীতৰ প্ৰশিক্ষক নয়ন জ্যোতি শইকীয়া, নীলোৎপল গায়ন, গোৱালপৰীয়া লোকগীতৰ প্ৰশিক্ষক গৌৰী মহন্ত, ৰুদ্ৰ বৰুৱা গীতৰ প্ৰশিক্ষক ৰঞ্জন বৰা আৰু বৰপেটাৰ পৰা অহা ভোৰতাল নৃত্যৰ মুখ্য প্ৰশিক্ষক দীনেশ চন্দ্ৰ দাস, সহকাৰী প্ৰশিক্ষক গৌৰৱ ওজা আৰু শৰৎ পাঠকক সম্বৰ্ধনা জনোৱা হয়।

Related News