ক’ভিড নীতি অমান্য : আৰ ডি জুনিয়ৰ কলেজৰ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক আটক

col

সমগ্ৰ দেশতে  কৰ’না ভাইৰাছৰ ব্যাপক সংহাৰ চলি থকাৰ সময়তে অসমতো কভিড-১৯ নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে ১৩মেৰ পৰা জাৰি কৰা কঠোৰ নিৰ্দেশাৱলী অৱমাননা কৰি প্ৰশাসনৰ ৰোষত পৰিছে মাৰ্ঘেৰিটা মহকুমাৰ ডিগবৈৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আৰ. ডি জুনিয়ৰ কলেজ ।

 শেহতীয়াকৈ  অসম চৰকাৰৰ ক’ভিডৰ নতুন নিৰ্দেশনা অনুসৰি  ১৩ মে’ৰ পৰা বলৱৎ হোৱাকৈ ১৫ দিনৰ বাবে সমূহ শিক্ষানুষ্ঠান,চৰকাৰী- বেচৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰিছিল যদিও আৰ ডি জুনিয়ৰ কলেজ খনৰ কৰ্তৃপক্ষই টকাৰ লালসাত  কালি  মুকলিকৈ একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবৰ বাবে শিক্ষানুষ্ঠানখনৰ কাৰ্যালয়ত কৰ্তৃপক্ষৰ লগতে বহুসংখ্যক অভিভাৱক আৰু ছাত্র-ছাত্ৰী সমবেত হোৱাত কোনো লোকে বিষয়টো প্ৰশাসনৰ দৃষ্টি গোচৰ কৰে। মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া পোনা গগৈ, অতিৰিক্ত আয়ুক্ত ত্ৰিদিব কোঁৱৰ, ৰাজহ চক্র বিষয়া সোণবৰ চুতীয়াৰ নেতৃত্বত  ডিগবৈ আৰক্ষীৰ এটি দল জুনিয়ৰ কলেজ খনত উপস্থিত হৈ ক’ভিড প্ৰ’ট’কল ভংগ হোৱা স্ব চক্ষুৰে প্ৰত্যক্ষ  কৰি চৰকাৰী নীতি-নিৰ্দেশনা অৱমাননাৰ অভিযোগত কলেজ খনৰ সঞ্চালিকা চিমি ধানোৱাৰ, অধ্যক্ষ দিব্যজ্যোতি দে , প্ৰবক্তা অতুল বৰুৱা, অংকন বুঢ়াগোহাঁই, বি শৰ্মাকে আদি কৰি ১২ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক আটক কৰি ডিগবৈ আৰক্ষী থানালৈ লৈ আহে।

 কলেজ খনৰ সঞ্চালিকা, শিক্ষক কৰ্মচাৰী সকলক পুৱা দহ বজাৰ পৰা নিশা বাৰ বজালৈকে ডিগবৈ আৰক্ষী থানাত আটক কৰি ৰাখে।

ইপিনে, ক’ভিড প্ৰ’ট’কল, নীতি নিৰ্দেশনা অমান্য কৰাৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত ডিগবৈ আৰক্ষী থানাত ১৩৫/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধ্যক্ষ সচিব বি কল্যাণ চক্ৰভাৰথীয়ে যোৱা ১৩ মেত জাৰি কৰা নিৰ্দেশ অনুসৰি ক’ভিড পৰিস্থিতিৰ বাবে অসমৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান সমূহে বিগত বৰ্ষ সমূহৰ  ১ জুলাইৰ পৰা ৩১ জুলাইলৈ গৰম বন্ধ  পালন কৰি আহিছিল যদিও বৰ্তমানৰ পৰিবেশ- পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ বৰ্ষৰ ১৫ মে’ৰ পৰা ১৪ জুনলৈকে গৰমৰ বন্ধ ঘোষণা কৰিছে।

কিন্তু অতি পৰিতাপৰ বিষয় যে চৰকাৰী নিৰ্দেশনালৈ অপেক্ষা নকৰি ডিগবৈ আৰ ডি জুনিয়ৰ কলেজ আৰু আৰ ডি ইংলিছ একাডেমীয়ে নিজৰ খেয়াল খুচি মতে পোন্ধৰদিনীয়া গৰম বন্ধ দি আজৰি হৈ পৰিছে।