NORTHEAST NOW (Assamese)

তিনিচুকীয়াত বন্ধ কৰা হ’ল ১২ টা অবৈধ কয়লা খনি    

January 22, 2025 3:41 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙলবাৰে তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম আৰক্ষীয়ে জিলাখনত আৰু ১২টা অবৈধ কয়লা খনি ধ্বংস কৰে।

উত্তৰ-পূৱ কয়লাক্ষেত্ৰ (এন ই চি)ৰ জিলা বিষয়া আৰু আৰক্ষীৰ এটা দলে যৌথ অভিযান চলাই এই খনি সমূহ বন্ধ কৰে।

লিডু, টিৰাপ, টিকাক, আৰু নামডাঙৰ কয়লাখনি সমূহ এক্সকেভেটৰৰ দ্বাৰা ধ্বংস কৰে প্ৰশাসনে।

এই অভিযান তদাৰক কৰা কাৰ্যবাহী দণ্ডাধীশ প্ৰনমিকা কোঁৱৰে কয় যে এই অভিযানৰ ফলত অঞ্চলটোৰ সকলো অবৈধ খনন কাৰ্যকলাপ বন্ধ হ’ব।

এই অভিযানত তিনিচুকীয়া জিলাৰ নামদাং কলিয়াৰীৰ বিট্টু পাহাৰৰ মুঠ ১৩টা অবৈধ ৰেট হল মাইনিং ধ্বংস কৰাৰ লগতে যন্ত্ৰ পাতি জব্দ কৰা হয়।

পুৱা ৮.৩০ বজাৰ পৰা মাৰ্ঘেৰিটা সহ-জিলাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম গগৈ, তিনিচুকীয়া আৰক্ষী অধীক্ষক অভিজিৎ গুৰৱ, উত্তৰ-পূৰ্বাঞ্চল কয়লাক্ষেত্ৰ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়ববীয়াকে ধৰি বিষয়াসকল উপস্থিত থাকে।

উল্লেখ্য যে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে পূৰ্বে ঘোষণা কৰিছিল যে এসপ্তাহৰ ভিতৰত ৰাজ্যৰ সকলো অবৈধ ৰেট হল মাইনিং খনি বন্ধ কৰা হ’ব। ইয়াৰ পিছতে এই ঘোষণা কাৰ্যকৰী কৰে অসম আৰক্ষীয়ে।

Related News