ভাৰত-বাংলা সীমান্ত এৰিবলৈ অস্বীকাৰ ১২ জন ৰোহিংগ্যা শৰণাৰ্থীৰ

Rohingya-1-1140x570

অসম-ত্ৰিপুৰা সীমান্তৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰোহিংগ্যা শৰণাৰ্থী। (প্ৰতিনিধিত্বমূলক উদ্দেশ্যত ফাইল ফটো)

বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই থকা পাঁচটি শিশু আৰু দুগৰাকী মহিলাকে ধৰি ১২জন ৰোহিংগ্যা শৰণাৰ্থীয়ে বিগত তিনিদিন ধৰি ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ জিৰ’ লাইন ত্যাগ কৰিবলৈ অস্বীকাৰ কৰি আহিছে।

বিএছএফৰ বিষয়াই কয় যে ১২ জন ৰোহিংগ্যা শৰণাৰ্থীয়ে যোৱা বৃহস্পতিবাৰে পশ্চিম ত্ৰিপুৰাৰ বক্সানগৰ সীমান্তৰে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল যদিও বিএছএফৰ দলে বাধা দিয়ে।

‘’বৃহস্পতিবাৰে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু বৰ্ডাৰ গাৰ্ডছ বাংলাদেশ(বি জি বি)ৰ মাজত এখন কমাণ্ডেন্ট পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় য’ত বি জি বিয়ে শৰণাৰ্থীকেইজনক উভতাই নিবলৈ সন্মত হয়, কিন্তু দলটোৱে জিৰ’ লাইন ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে,’’-বিএছএফৰ এগৰাকী বিষয়াই কয়।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে শৰণাৰ্থীকেইজনে বাংলাদেশী কৰ্তৃপক্ষই প্ৰদান কৰা পৰিচয় পত্ৰ লগত লৈ আহিছে।

‘’তেওঁলোক চিটাগঙত থকা ৰোহিংগ্যা শৰণাৰ্থী শিৱিৰৰ লোক,’’- তেওঁ কয়।

চলিত সপ্তাহৰ প্ৰাৰম্ভতে, ত্ৰিপুৰা আৰক্ষীয়ে ভাৰত-বাংলাদেশ আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ ৰাজনগৰ অঞ্চলৰ পৰা দুজন ৰোহিংগ্যা লোকক গ্ৰেপ্তাৰ কৰিছিল।

বিএছএফ আৰু আৰক্ষীৰ তথ্য অনুসৰি, যোৱা এবছৰত দক্ষিণ-পূব বাংলাদেশৰ চিটাগঙৰ ৰোহিংগ্যা শৰণাৰ্থী শিৱিৰৰ পৰা পলাই অহা ২৫০ জনতকৈয়ো অধিক ৰোহিংগ্যা মুছলমান ত্ৰিপুৰা, দক্ষিণ অসম আৰু মিজোৰামৰ পৰা আটক কৰা হৈছে।