NORTHEAST NOW (Assamese)

১২ গৰাকীকৈ নাবালিকা ছাত্ৰীক নিৰ্যাতন : গ্ৰেপ্তাৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক

May 14, 2024 8:15 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 14, 2024 6:39 pm

ছিকিমৰ এখন বিদ্যালয়ৰ এগৰাকী শিক্ষকে ১২ গৰাকী কন্যা ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ পিছত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষক জনক।

ধৃত শিক্ষকজনে ছ’ৰেং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত ভাষা প্ৰশিক্ষক হিচাপে কাম কৰিছিল।

যোৱা ১০ মে’ত ছ’ৰেং থানাত বিদ্যালয়ৰ এজন কৰ্মচাৰীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে এই এজাহাৰ অনুসৰি কৰ্মচাৰীগৰাকীয়ে ৮ৰ পৰা ১৪ বছৰ বয়সৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা অভিযোগ লাভ কৰে। শিক্ষকগৰাকীয়ে তেওঁলোকক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে।

আৰক্ষীয়ে শিক্ষকজনৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।

শিক্ষকগৰাকীৰ বিৰুদ্ধে  অধিক প্ৰমাণ আৰু তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News