NORTHEAST NOW (Assamese)

তিনিচুকীয়াৰ জাগুণত গ্ৰেনেড বিস্ফোৰণত নিহত ১২ বছৰীয়া কিশোৰ

May 11, 2021 10:28 am · অভিক চক্ৰৱৰ্তী
প্ৰতিনিধিত্বমূলক ফটো।

মঙলবাৰে পুৱা তিনিচুকীয়া জিলাৰ জাগুণত এক গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত এজন কিশোৰ নিহত হৈছে।

তিনিচুকীয়াৰ কাথাকাঠিনিত সংঘটিত হৈছে এই গ্ৰেনেড বিস্ফোৰণৰ ঘটনা।

নিহত কিশোৰজনক জাগুণ হাজং গাঁৱৰ সুৰজ হাজং (১২) বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰসমূহে জানিবলৈ দিয়ে যে কোনোবাই জাগুণৰ পথৰ দাঁতিত পেলাই ৰখা গ্ৰেনেডটো হঠাতে বিস্ফোৰণ ঘটে।

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰ আৰু তিনিচুকীয়াৰ এটা আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

‘’গ্ৰেনেডটো কেনেকৈ বিস্ফোৰণ ঘটিল বা কোনে পথৰ দাঁতিত গ্ৰেনেডটো ৰাখিছিল সেয়া আমি জানিব পৰা নাই। তদন্ত চলাই থকা হৈছে,’’-আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

Related News