জলপ্ৰদূষণ, অবাধ চিকাৰৰ বাবে অৱলুপ্তিৰ পথত ব্ৰহ্মপুত্ৰৰ শিহু

 ব্ৰহ্মপুত্ৰত এটা সময়ত উভৈনদী হৈ থকা গঙ্গা নদীৰ ডলফিন অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ শিহু শেহতীয়াভৱে উদ্বেগজনক হাৰত দ্ৰুত গতিত কমি অহা পৰিলক্ষিত হৈছে। এই হাৰত ইয়াৰ সংখ্যা কমি থাকিলে এই সুন্দৰ প্ৰাণীটো অদূৰ ভৱিষ্যতে বিলুপ্ত হোৱাৰ শংকা কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।

স্থানীয় মাছমৰীয়াসকলৰ মতে বিগত বছৰকেইটাত ব্ৰহ্মপুত্ৰৰ শিহুৰ সংখ্যা লক্ষণীয়ভাৱে কমি আহিছে।

সাংবাদিকৰ আগত এজন মাছমৰীয়াই প্ৰকাশ কৰা মতে পাণ্ডুৰ পৰা গোৱালপাৰালৈকে এই সুদীৰ্ঘ জলৰাশিত মাছ মৰাৰ সময়ত তেওঁলোকে এসময়ত যথেষ্ট সংখ্যক শিহু দেখা পাইছিল যদিও বৰ্তমান সেইদৰে দেখা নাপায়।

সচেতন মহলে এইক্ষেত্ৰত তৎকালীনভাৱে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে অতি বিৰল প্ৰজাতিৰ এই শিহু নিঃশেষ হৈ যোৱাৰ আশংকা কৰিছে।

ব্ৰহ্মপুত্ৰৰ পানী প্ৰদূষিত হোৱাটোৱেই ব্ৰহ্মপুত্ৰৰ শিহুৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ বুলি মাছমৰীয়াসকলে ক’ব খোজে।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত কামৰূপ জিলাৰ ছিমানা গাঁৱৰ পৰা বালাগাঁৱৰ মাজৰ ব্ৰহ্মপুত্ৰৰ জলভাগত ১২টা শিহু দেখা পোৱা গৈছিল যদিও এই বছৰ সিহঁতৰ অধিক সংখ্যকেই নোহোৱা হৈছে।

আইনুল আলী নামৰ মাছমৰীয়াজনে জানিবলৈ দিয়া মতে এই বছৰ শিহুৰ এটিও পোৱালি দেখিবলৈ পোৱা নাই।

শিহুৰ পোৱালিবোৰ হয়তো চোৰাং চিকাৰীৰ হাতত নিধন হৈছে, জালত বান্ধ খাই মৰা পৰিছে বা পানীত থকা বোকা-মাটিৰ আধিক্যৰ বাবে মৃত্যু হোৱা বুলি ধাৰণা কৰা গৈছে।

সুদীৰ্ঘ ৫০ বছৰৰ ব্ৰহ্মপুত্ৰত মাছ মৰা অভিজ্ঞতা থকা হাছমত আলী নামৰ মাছমৰীয়াজনে কৈছে যে যোৱা বছৰ কামৰূপ জিলাৰ পলাশবাৰীৰ ছিমানা গাঁৱৰ পৰা বালাগাঁৱৰ মাজৰ ব্ৰহ্মপুত্ৰৰ জলভাগত ১০টা শিহু দেখা পোৱা গৈছিল যদিও এই বছৰ সিহঁতৰ ৪ বা ৫টাক হে দেখা পোৱা গৈছে।

আন কিছুমান বিশেষজ্ঞৰ মতে জল প্ৰদূষণৰ বাবে ব্ৰহ্মপুত্ৰৰ শিহুবোৰে নিৰাপদ জলভূমিলৈ গুচি গৈছে।

এগৰাকী বিশেষজ্ঞই কয় যে যদিও তেওঁৰ হাতত নিশ্চিত তথ্য নাই তথাপি নদীবান্ধ নিৰ্মাণ আৰু ঔদ্যোগিক প্ৰদূষণ ব্ৰহ্মপুত্ৰৰ পানীত মিহলি হোৱাটোৱেই ব্ৰহ্মপুত্ৰৰ শিহুৰ সংখ্যা হ্ৰাস পোৱাৰ প্ৰধান কাৰণ।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ শিহু (Platanista gangetica)  বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ আইনৰ নিয়মাৱলী-১ অনুযায়ী বিপদাপন্ন প্ৰজাতিৰ তালিকাভুক্ত কৰা আছে আৰু ইয়াৰ চিকাৰ নিষিদ্ধ।

প্ৰকৃতি সংৰক্ষণৰ হকে আন্তৰ্জাতিক সংস্থাই  (IUCN) প্ৰকাশ কৰা বিপদাপন্ন প্ৰাণীৰ ৰে’ড লিষ্টত ব্ৰহ্মপুত্ৰৰ শিহুক বিশ্বৰ এটি বিপদাপন্ন স্তন্যপায়ী জলজন্তু হিচাপে তালিকভুক্ত।