প্ৰশাসনিক ব্যৱস্থাটো ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অসম সচিবালয়ত ১২৪টা নতুন পদৰ সৃষ্টি

Assam-Secretariat-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰশাসনিক ব্যৱস্থাটো অধিক ত্বৰান্বিত কৰাৰ বাবে কেইবা দশকৰ অন্তত অসম সচিবালয় সেৱাৰ ১২৪টা নতুন পদ সৃষ্টি কৰা হৈছে। বিষয়া, কৰ্মচাৰীৰ অভাৱত সচিবালয়ৰ প্ৰশাসনিক ব্যৱস্থা সুচাৰুৰূপে চলা নাছিল যদিও এই পদ কেইটা সৃষ্টিৰ জৰিয়তে সমস্যা কিছু পৰিমাণে লাঘৱ হ’ব বুলি ধাৰণা কৰা হৈছে।

বিত্ত বিভাগে ৩২৭টা পদৰ বিপৰীতে প্রথম পৰ্যায়ত সচিবালয় প্ৰশাসন বিভাগৰ ১২৪টা হে নতুন পদ সৃষ্টিত অনুমোদন জনাইছে। এই পদসমূহৰ ভিতৰত সচিবালয় সেৱাৰ ২টা অতিৰিক্ত সচিব, ৮টা যুটীয়া সচিব, ১৯টা উপ-সচিব, ২১টা অৱৰ সচিব, ২১টা অধীক্ষক আৰু ৫৩টা জ্যেষ্ঠ প্ৰশাসনিক সহায়কৰ পদ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে ২০১৩ চনতে বিত্ত বিভাগৰ অতিৰিক্ত সচিবৰ নেতৃত্বত সচিবালয় সেৱা পদ পুনৰীক্ষণ সমিতিয়ে প্ৰশাসনিক ব্যৱস্থাটো একপ্ৰকাৰ অচল হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক ৩২৭টা নতুন পদ সৃষ্টিৰ পৰামৰ্শ দিছিল। কিন্তু তদানীন্তন কংগ্ৰেছ চৰকাৰে সেই পৰামৰ্শক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল।

ইয়াৰ পৰিৱৰ্তে বিত্ত বিভাগে নতুনকৈ অনুমোদন জনোৱা ১২৪ টা পদ পূৰণৰ পাছত সচিবালয়ৰ প্ৰশাসনিক কাম-কাজ অধিক ত্বৰান্বিত হ’ব বুলি ধাৰণা কৰা হৈছে।

আনহাতে সচিবালয় সেৱা সন্থাৰ সভাপতি বাসৱ চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই ৩২৭টা পদৰ ভিতৰত বাকী থকা পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰিবলৈ বিত্ত বিভাগক আহ্বান জনায়।