NORTHEAST NOW (Assamese)

মুম্বাইৰ পৰা এলিফেণ্টালৈ যোৱাৰ পথত আৰব সাগৰত ডুব গৈ ১৩ জন লোকৰ মৃত্যু; একাধিক নিৰুদ্দিষ্ট

December 18, 2024 8:59 pm · এন ই নাও নিউজ, গুৱাহাটী

মুম্বাই উপকূলত লাউঞ্চ উলটি যোৱাৰ ফলত ১৩ জন লোকৰ মৃত্যু হৈছে। এই পৰ্যন্ত ১০০ৰো অধিক যাত্ৰীক উদ্ধাৰ কৰা হৈছে। বুধবাৰে বিয়লি মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ পৰা এলিফেণ্টা দ্বীপলৈ যোৱাৰ পথত এই ঘটনা সংঘটিত হৈছিল। পুৱা ৩:৫৫ বজাত ‘নীলকমল নামৰ লঞ্চখনে এখন সৰু স্পীড বটৰ সৈতে খুন্দা মাৰে। তাৰ পিছত ই উলটি ডুব যাবলৈ ধৰে।

এই পৰ্যন্ত উন্মোচনৰ পাঁচজন সদস্য বিচাৰি পোৱা নাই। উদ্ধাৰৰ কাম চলি আছে। আৰক্ষীৰ তথ্য অনুসৰি উদ্ধাৰ অভিযানত ১১খন নৌসেনাৰ নাও আৰু তিনিখন মেৰিন পুলিচৰ নাও প্ৰেৰণ কৰা হৈছে। অঞ্চলটোত তালাচী চলোৱা হৈছে। অভিযানত চাৰিখন হেলিকপ্টাৰো জড়িত আছিল।

জৱাহৰলাল নেহৰু বন্দৰৰ এজন বিষয়াই জনোৱা মতে, এই ঘটনা প্ৰথমে উপকূলত উপস্থিত থকা মাছমৰীয়াই দেখা পাইছিল। তেওঁলোকে প্ৰথমে উদ্ধাৰৰ কাম আৰম্ভ কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে পঠিয়াই দিলে দুৰ্যোগ সঁহাৰি বাহিনী। মাছমৰীয়া আৰু বাহিনীটোৱে এজন এজনকৈ ১০০ৰো অধিক যাত্ৰীক উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি নীলকমল প্ৰায় ১১০ জন যাত্ৰী আৰু ৫ জন লঞ্চ ক্ৰু লৈ এলিফন্টালৈ গৈ আছিল। উদ্ধাৰ হোৱা একাংশ লোকৰ অৱস্থা সংকটজনক। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৫৭ জন লোকক ভৰ্তি কৰোৱা হৈছে বন্দৰ চিকিৎসালয়ত। নৌসেনাৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে ৯জন। এজন লোকক অশ্বিনী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আন ৯ জনক জৰ্জ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আন কেইবাজনো লোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। সকলোকে ২৪ ঘণ্টীয়া পৰ্যবেক্ষণৰ অধীনত ৰখা হব।

ঘটনা সন্দৰ্ভত জানিব পাৰি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে টুইট কৰে। উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেয়ে বিষয়টো চোৱাচিতা কৰি আছে বুলিও তেওঁ কয়।

Related News