NORTHEAST NOW (Assamese)

মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ ঘটনা, অসমৰ শ্ৰমিককে ধৰি ১৩জনৰ মৃত্যুৰ আশংকা

December 13, 2018 10:03 pm · এন ই নাও নিউজ
Updated: December 13, 2018 10:35 pm

অবৈধ কয়লা খননক লৈ উত্থাপিত ব্যাপক অভিযোগৰ মাজতে চুবুৰীয়া মেঘালয়ৰ পূব জয়ন্তীয়া জিলাৰ এটা খনিত পানীত ডুবি অসমৰ ৪ জনকে ধৰি মুঠ ১৩ গৰাকী শ্ৰমিক বৃহস্পতিবাৰে মৃত্যুমুখত পৰাৰ আশংকা কৰা হৈছে।

পানীৰে ভৰি পৰা খনিটোত শ্ৰমিককেইজনে ইতিমধ্যে কৰুণভাৱে মৃত্যুক সাৱটি লোৱা বুলি ধাৰণা কৰা হৈছে। পাম্পেৰে খনিটোৰ পানী বাহিৰ কৰিবলে চেষ্টা চলাই থকা হৈছে বুলি বাতৰিটো লিখাৰ পৰলৈকে জানিব পৰা গৈছে।

“পানী বাঢ়ি অহাৰ বাবে মৃতদেহকেইটা এতিয়াও ভিতৰতে আবদ্ধ হৈ আছে। জেনেৰে’তৰৰ জৰিয়তে পানী উলিওৱাৰ চেষ্টা কৰি থকা হৈছে,” সূত্ৰত প্ৰকাশ।

জিলাখনৰ চাইপুং আৰক্ষী থানাৰ অন্তৰ্গত লিতেইন নদীৰ সমীপৰ চান গাঁৱত এই ভয়াৱহ ঘটনাটো সংঘটিত হৈছে। আৰক্ষীৰ মতে স্থানীয় লুমথাৰিৰ ৩ জনকে ধৰি মুঠ ১৩ জন শ্ৰমিক কয়লা খনিটোত আবদ্ধ হৈ আছে।

খনিটোত আবদ্ধ হৈ থকা শ্ৰমিককেইজন অসমৰ চিৰাং জিলাৰ আমিৰ হুছেইন, মুনিৰুল ইছলাম, চায়াৰ ইছলাম আৰু নলবাৰী জিলাৰ চামছুল হক আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ওমৰ আলি, মেজামুৰ ইছলাম, মমিনুল ইছলাম, চিৰাপত আলী, মজিদ এছ কে আৰু ৰাজিউল ইছলাম আৰু স্থানীয় চাল খাৰ, আয়ং খাৰ আৰু নিলম খাৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষী সূত্ৰ মতে খনিটো অতি পুৰণি আৰু যোৱা ৩/৪ দিন পূৰ্বে ইয়াত খনন আৰম্ভ কৰা হৈছিল।

খনিটোৰ মালিকৰ বিৰুদ্ধে ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

সমাজকৰ্মী এগনেছ খাৰছিং আৰু অমিতা চাংমাৰ ওপৰত কিছুদিন পূৰ্বে জিলাখনত সন্দেহযুক্ত কয়লা মাফিয়াৰ আক্ৰমণে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

Related News