• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজমলৰ দূৰ্গ যমুনামুখত কংগ্ৰেছৰ দখললৈ গ’ল গোটেইকেইখন জিলা পৰিষদ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
December 13, 2018 10:10 pm
ajmal_b

বদৰুদ্দিন আজমলৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

450
VIEWS
Share on FacebookShare on Twitter

হোজাই জিলাৰ হোজাই, লামডিং আৰু যমুনামুখ সমষ্টিৰ অন্তৰ্গত মুঠ বাৰখন জিলা পৰিষদত কংগ্ৰেছ আৰু বিজেপিয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বিপৰীতে সম্পূৰ্ণৰূপে বিধ্বস্ত হ’ল এ আই য়ু ডি এফ। দলটোৱে মাত্ৰ এটা জিলা পৰিষদ সমষ্টিতে থমকি ৰ’বলগীয়া হোৱাত ৰাজনৈতিক মহলত বিষয়টো চৰ্চিত হৈ পৰিছে।

হোজাই জিলাৰ বাৰখন জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছে ছখন, বিজেপিয়ে পাঁচখন আৰু আই য়ু ডি এফে এখন জিলা পৰিষদ সমষ্টি দখল কৰে। জিলাখনৰ বিধায়ক শিবু মিশ্ৰৰ লামডিং সমষ্টিৰ কাকী আৰু উদালী জিলা পৰিষৰ সমষ্টি কংগ্ৰেছে দখল কৰাৰ বিপৰীতে ৰানীপুখুৰী আৰু লামডিং জিলা পৰিষদ সমষ্টি বিজেপিয়ে দখল কৰে।

লামডিং সমষ্টিৰ জিলা পৰিষদৰ অন্তৰ্গত পূব লামডিং গাঁও পঞ্চায়ত, দক্ষিন লামডিং গাঁও পঞ্চায়ত আৰু পশ্চিম লামডিং গাঁও পঞ্চায়তৰ  সভাপতি তথা আঞ্চলিক সদস্য বিজেপিৰ দখলত থকাৰ বিপৰীতে নখুটি গাঁও পঞ্চায়ত সভাপতি তথা আঞ্চলিক সদস্য এ আই য়ু ডি এফে দখল কৰাৰ লগতে খাগৰীজান গাঁও পঞ্চায়ত সভাপতি বিজেপি তথা আঞ্চলিক সদস্য এ আই য়ু ডি এফে দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে লামডিং সমষ্টিৰ  চাৰিখন জিলা পৰিষদৰ ভিতৰত ৯নং কাকী জিলা পৰিষদত জোন্তী বৰাই আৰু ১২নং উদালী জিলা পৰিষদত ইচমাইল আলিয়ে কংগ্ৰেছ দলৰ পৰা জয় লাভ কৰে। আনহাতে ১০নং লামডিং জিলা পৰিষদত ৰিপন কুমাৰ দাসৰ লগতে ১১নং ৰানীপুখুৰী জিলা পৰিষদ মমতা দাসে বিজেপি দলৰ পৰা জয়লাভ কৰে।

সেইদৰে যমুনামুখ সমষ্টিৰ অন্তৰ্গত চাৰিওখন জিলা পৰিষদ ক্ৰমে ডবকা, নীলবাগান, মোৰাজাৰ আৰু চৌধুৰীবজাৰ জিলা পৰিষদ সমষ্টি কংগ্ৰেছে দখল কৰে। হোজাই সমষ্টিৰ ইছলামনগৰ জিলা পৰিষদত এ আই য়ু ডি এফৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে ৰাজবাৰী,পদুমপুখুৰী আৰু ভালুকমাৰী জিলা পৰিষদত বিজেপি প্ৰাৰ্থী জয়ী হয়।

উল্লেখ্য যে আজমলৰ দূৰ্গ হিচাপে খ্যাত যমুনামুখৰ গৰিষ্ঠসংখ্যক পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য পদত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হয়। যমুনামুখ সমষ্টিৰ ১৬টা পঞ্চায়তত কংগ্ৰেছৰ সভাপতি জয়ী হোৱা বিপৰীতে অগপৰ ৩ জন, এ আই য়ু ডি এফৰ ২ জন, নিৰ্দলীয় ২ জন আৰু বিজেপিৰ এজন পঞ্চায়ত সভাপতি নিৰ্বাচিত হয়।

সমষ্টিটোত কংগ্ৰেছৰ ২০ জন আঞ্চলিক সদস্য/সদস্যা নিৰ্বাচিত হোৱাৰ বিপৰীতে অগপৰ ২ জন আৰু এ আই য়ু ডি এফৰ ২জন জয়ী হয়।

মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি এ আই য়ু ডি এফৰ দখলত থকা যমুনামুখৰ গৰিষ্ঠ সংখ্যক পঞ্চায়ত এইবাৰ কংগ্ৰেছৰ দখলত যোৱাত সমষ্টিটোত এ আই য়ু ডি এফৰ ভেটি উছন হোৱাটোৱে ইংগিত বহন কৰে। বিগত সময়ত এ আই য়ু ডি এফৰ প্ৰাৰ্থীৰ কোটি কোটি টকাৰ দুৰ্নীতিৰ বাবে এইবাৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত উচিত শিক্ষা দিয়া বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd