ছত্তীশগড়ত পূৰ্ণোদ্যমে চলিছে সেনাৰ মাওবাদী নিঃশেষ অভিযান।
শুকুৰবাৰে নিশা ছত্তীশগড়ত সেনা-মাওবাদীৰ সংঘৰ্ষত নিহত হয় ১৩ জনকৈ মাওবাদী বিদ্ৰোহী।
এই সংঘৰ্ষত দুজন সেনা আহত হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, মাওবাদীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে।