১৩ জন নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰৰ শাস্তি বিহিলে আদালতে

Gang Rape

চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজস্থানৰ এগৰাকী নাবালিকা দলবদ্ধ ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল। ১৫ বছৰীয়া কিশোৰীগৰাকীক একেৰাহে নদিন ধৰি একাধিক পুৰুষে ধৰ্ষণ কৰিছিল।

ৰাজস্থানৰ কোটা চহৰৰ এখন আদালতে ঘটনাটোৰ ১৩ জন অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰিছে। ১৩ জন লোকক ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে। আনহাতে আন দুজন ধৰ্ষণকাৰীক চাৰি বছৰৰ কাৰাদণ্ড দিয়া হৈছে।

ঘটনাটোৰ গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি অতিৰিক্ত সত্ৰ ন্যায়াধীশ অশোক চৌধুৰীয়ে POCSO আইনৰ অধীনত এখন বিশেষ আদালত গঠন কৰে।

আদালতে ১৩ জন লোকক ১০ হাজাৰ টকাৰ জৰিমনাৰ লগতে ২০ বছৰ কাৰাদণ্ড, ২ জনক ৪ বছৰৰ কাৰাদণ্ডৰ লগতে ৭,০০০ টকা জৰিমনা আৰু আন এগৰাকী মহিলাক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে।

অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে নাবালকগৰাকীক অপহৰণ কৰি ঝালৱাৰত একাধিক লোকক বিক্ৰী কৰাৰ অভিযোগ আছিল।

অৱশ্যে কোটা আদালতে গোচৰটোত অভিযুক্ত আন ১২ জনক নিৰ্দোষী সাব্যস্ত কৰে।