NORTHEAST NOW (Assamese)

উত্তৰাখণ্ড হিমবাহ বিস্ফোৰণ : এতিয়াও নিখোজ হৈ আছে ১৩০ জন লোক

March 23, 2021 5:50 pm · এন ই নাও নিউজ

মঙলবাৰে লোকসভাত ৭ ফেব্ৰুৱাৰীত হোৱা উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণত নিহত আৰু নিখোজ লোকসকলৰ তথ্য দাখিল কৰা হয়

উত্তৰাখণ্ড চৰকাৰে লাভ কৰা তথ্য অনুসৰি, হিমবাহ বিস্ফোৰণটোত ৭৪জন লোক নিহত হোৱাৰ বিপৰীতে বৰ্তমানলৈকে নিখোজ হৈ আছে ১৩০জন লোক।

কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰাজে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে গঠন কৰা কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিষ্ঠান আৰু সংস্থাৰ বিশেষজ্ঞৰে গঠিত এটা অধ্যয়নকাৰী দলে হিমবাহ বিস্ফোৰণ সম্পৰ্কে অধ্যয়ন চলাই আছে।

দলটোৱে ঋষিগংগা আৰু ঢাউলীগংগা নদীৰ বানপানীৰ কাৰণ সম্পৰ্কে তথ্য লাভ কৰিছে।

তদুপৰি উত্তৰাখণ্ড চৰকাৰেও বিস্ফোৰিত হিমবাহৰ প্ৰাকৃতিক হ্ৰদটো আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ এখন সমিতি গঠন কৰিছে।

মন্ত্ৰীগৰাকীয়ে জনায় যে ইতিমধ্যে উত্তৰাখণ্ড চৰকাৰে নিহত লোকসকলৰ আত্মীয়সকললৈ ৪লাখ টকাৰ ক্ষতিপূৰণৰ ঘোষণা কৰিছে।

Related News