NORTHEAST NOW (Assamese)
অসম

গোলাঘাট জিলাত ২৫ মাৰ্চৰ পৰা ড্ৰাই দে ঘোষণা : কেইদিনলৈ বন্ধ থাকিব সুৰাৰ বিক্ৰী?

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 23, 2021 6:17 pm
index

সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত অহা ২৫ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ২৭ মাৰ্চৰ সন্ধিয়া ৬ বজালৈ আৰু অহা ২ মে’ ভোটগণনাৰ দিনটোত ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই দে ঘোষণা কৰিছে।

এই সময়ছোৱাত সকলো পাইকাৰী আৰু খুচুৰা সুৰাৰ বিপনী বন্ধ থাকিব।

ঘোষণা অনুসৰি সুৰা বিক্ৰীৰ অনুজ্ঞাপ্ৰাপ্ত ক্লাব, হোটেল আদিতো সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।

এই সময়ছোৱাত অনুজ্ঞাপত্ৰ নথকা স্থানত সুৰা মজুত ৰাখিবও নোৱাৰিব।

গোলাঘাটৰ সৈতে থকা নাগালেণ্ড সীমান্তৱৰ্তী জিলাখনৰ অধীনৰ স্থানসমূহতো এই নিয়ম কাৰ্যকৰী হ’ব।

এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ ১৩৫ চি ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।