NORTHEAST NOW (Assamese)

অসমত ১৩৩২ নতুনকৈ ক’ভিড মুক্ত, সক্ৰিয় ৰোগী ১৫,৪৬৪

August 6, 2020 11:12 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

১৩৩২গৰাকী ব্যক্তি অসমত বৃহস্পতিবাৰে ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে।

এইসকল ব্যক্তিক ধৰি অসমত মুঠ ক’ভিড আৰোগ্যৰ সংখ্যা ৩৭,২২৪লৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৫,৪৬৪গৰাকী।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে বৃহস্পতিবাৰে আৰু পাঁচগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ সৈতে অসমত মুঠ মৃতকৰ সংখ্যা ১২৬লৈ বৃদ্ধি পাইছে।

আনহাতে বৃহস্পতিবাৰে ২৩৭২গৰাকী ব্যক্তি অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

অৱশ্যে অসমত টেষ্টৰ তুলনাত ক’ভিড পজিটিভৰ হাৰ হ্ৰাস পাইছে।

যোৱা ২৪ ঘণ্টাত অসমত ৫৫,৬৭১টা ক’ভিড টেষ্ট সম্পন্ন হোৱাৰ বিপৰীতে পজিটিভৰ হাৰ ৪.২৫ শতাংশ।

অসমত এতিয়ালৈকে চিনাক্ত ক’ভিড ৰোগীৰ সংখ্যা ৫২,৮১৭(।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News