বৰহাটৰ চাহপাত কাৰখানাত গুলী চালনাত জড়িত আলফা সদস্য ধৃত : অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

apprehended ulfa

ধৃত আলফা সদস্যজন।

বৰহাটৰ চাহপাত কাৰখানাত গুলী-চালনাৰ ঘটনাত জড়িত আলফা (স্বাঃ) সদস্য দীপজ্যোতি গগৈক  সেনাৰ দাও ডিভিজনৰ অন্তৰ্গত ডাংৰিকুমাৰ সেনাই আটক কৰিছে। গগৈৰ পৰা সেনাই এটা পিষ্টল আৰু ৪ ৰাউণ্ড সক্ৰিয় গুলী  উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহৰ ৫ তাৰিখে দুজন অস্ত্ৰাধাৰী আলফা (স্বাঃ)ৰ সদস্যই টাটা টীৰ মালিকানাধীন এমালগমেটেড প্লেণ্টেইশ্যন লিমিটেড চাহপাত কাৰখানাত গুলীচালনা কৰিছিল। তেওঁলোকে গুলী চালনাৰ উপৰি গ্ৰেনেডো নিক্ষেপ কৰি দিল্লী সংৰক্ষিত বনাঞ্চললৈ পলায়ন কৰিছিল।

সেনাৰ সূত্ৰটোৱে সংবাদ মাধ্যমক জানিবলৈ দিছে যে কেইবাজনো সন্দেহজনক ব্যক্তিক সোধা-পোছা কৰাৰ পিছত উক্ত ঘটনাৰ মূল অভিযুক্ত লাফেৰাগাৱঁৰ বাসিন্দা দীপজ্যোতি গগৈ বুলি জানিব পাৰে। এই সন্দৰ্ভত ২ মাৰ্চৰ পুৱা প্ৰায় ৮:৩০ বজাত দাও ডিভিজনৰ ডাংৰিকুমাৰ সেনা চাউনী আৰু আৰক্ষীৰ এটা  দলে যুটীয়া অভিযান চলাই বৰহাটৰ পৰা আলফাৰ এছ এছ কৰ্প’ৰেল পদবীৰ প্ৰণৱ গগৈ ওৰফে পিংকু আহোমক গ্ৰেপ্তাৰ কৰে। গগৈৰ পৰা সেনাই যথেষ্ট পৰিমাণে তথ্য লাভ কৰে।

সেনাৰ জেৰাত পিংকুৱে ৫ ফেব্ৰুৱাৰিৰ বৰহাটৰ গুলী চালনাত দীপজ্যোতি গগৈ আৰু তেওঁ জড়িত থকাৰ কথা স্বীকাৰ কৰে। এই স্বীকাৰোক্তিৰ ভিত্তিত সোমবাৰে আবেলি দীপজ্যোতি গগৈক আটক কৰিবলৈ সেনা সক্ষম হয়।

জানিব পৰা মতে সেনাৰ ইনফৰ্মাৰে লাফেৰাগাঁৱৰ ফালে দীপজ্যোতি গগৈৰ অৱস্থান সম্পৰ্কে খবৰ দিয়াৰ পিছত ডাংৰিকুমাৰ সেনা চাউনী আৰু বৰহাট আৰক্ষী থানাই যুটীয়া অভিযান চলায় আৰু আলফা সদস্যজনক আটক কৰে।

আলফাৰ এছ এছ প্ৰাইভেট পদবীৰ  ২৭ বছৰীয়া দীপজ্যোতি গগৈ ওৰফে জানটো অসম চৰাইদেউ জিলাৰ লাফেৰাগাঁৱৰ দিলীপ গগৈৰ পুত্ৰ।

আৰক্ষী আৰু সেনাৰ যুটীয়া জেৰাৰ সময়ত তেওঁ স্বীকাৰ কৰিছে যে তেওঁ আলফা (স্বাঃ)ৰ শ্লিপাৰ চে’লৰ সক্ৰিয় সদস্য। তেওঁ লগতে স্বীকাৰ কৰে যে আলফা(স্বাঃ)ৰ দুজন সদস্য সীমান্ত গগৈ ওৰফে দিলীপ অসম আৰু পাপু বৰুৱাক নিজৰ ঘৰত আশ্ৰয় দি বৰাহাটৰ চাহপাত কাৰখানাৰ গুলীচলনাৰ ঘটনাটোৰ পৰিকল্পনা কৰিছিল। গুলীচালনাৰ পিছত তেওঁ আলফা সদস্যকেইজনক পলাই যোৱাতো সহায় কৰিছিল।

‘উজনি অসমত উগ্ৰপন্থীৰ সকলো প্ৰকাৰৰ কূটাঘাতমূলক কাৰ্য্য প্ৰতিহত কৰি এলেকাটোত শান্তিৰ পৰিৱেশ বজাই ৰখাৰ বাবে নিৰাপত্তা বাহিনীসমূহে অহৰহ চেষ্টা চলাই আহিছে।’ এজন সেনা বিষয়াই কয়।