যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ভয়ংকৰ পথ দুৰ্ঘটনা; কমেও ১৪ জন নিহত, আহত ৪০জন

14 dead, around 40 injured after bus collides with truck মধ্য প্ৰদেশত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ১৪ জন লোক নিহত হৈছে। দুৰ্ঘটনাটোত আহত হৈছে আন ৪০ জন লোক। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কিয়নো আহতসকলৰ বহুতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

জানিব পৰা মতে, মধ্য প্ৰদেশৰ ৰেৱা জিলাত এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰশাসনৰ সূত্ৰ অনুসৰি, সুহাগী পাহাৰীয়া অঞ্চলৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়। সংঘৰ্ষটো ইমানেই তীব্ৰ আছিল যে যাত্ৰীবাহী বাছখন তৎক্ষণাৎ ওলোটা খাই পৰে।

লগতে পঢ়ক: গুগলক ১,৩৩৭ কোটি টকাৰ জৰিমনা কেন্দ্ৰৰ; ওলোটাই ‘সতৰ্ক’ কৰি দিলে চাৰ্চ ইঞ্জিন সংস্থাটোৱে

ঘটনাস্থলীতে কমেও ১৪ জন লোকৰ মৃত্যু ঘটিছে। আহতসকলৰ ২০ জনক উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকীসকলক এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

ৰেৱাৰ আৰক্ষী অধীক্ষক নৱনীত ভাছিনে কয় যে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ সকলো যাত্ৰী উত্তৰ প্ৰদেশৰ আছিল। বাছখন হায়দৰাবাদৰ পৰা গোৰখপুৰলৈ গৈ আছিল। জানিব পৰা মতে বাছখনৰ বেছিভাগ যাত্ৰীয়েই শ্ৰমিক। তেওঁলোকে দেৱালী উপলক্ষে ঘৰলৈ উভতি আহিছিল। দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।

লগতে পঢ়ক:দেৱভাষাক মৃতসঞ্জীৱনী! এইখন অসমতে আছে এতিয়াও সংস্কৃত ভাষাত কথা কোৱা এখন গাওঁ

উল্লেখ্য যে মধ্য প্ৰদেশত যোৱা বছৰ জুলাইত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। সেইবাৰ দলঙৰ ৰেলিং ভাঙি এখন বাছ নৰ্মদা নদীত পৰিছিল। ঘটনাটোত কমেও ১৩ জন যাত্ৰী নিহত হৈছিল। অৱশ্যে ১৫ জন লোকক উদ্ধাৰ কৰা হৈছিল। বাছখনে ইন্দোৰৰ পৰা পুনেলৈ যাত্ৰী কঢ়িয়াই আনিছিল।