NORTHEAST NOW (Assamese)

১৪ মহীয়া শিশুৰ প্ৰাণ কাঢ়ি নিলে মহামাৰী ক’ৰ’না ভাইৰাছে

April 8, 2020 10:31 am · এন ই নাও নিউজ
Updated: April 8, 2020 10:35 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাই আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। গুজৰাটৰ জমানগৰত এটি ১৪ মহীয়া শিশু ক’ৰ’নাত আক্ৰান্ত হৈ মঙলবাৰে মৃত্যু হয়।

মঙলবাৰৰ দিনটোত গুজৰাটত মুঠ চাৰিজন লোকৰ মৃত্যু হয়। এই ভাইৰাছবিধৰ ফলত ৰাজ্যখনত এই পৰ্যন্ত মুঠ ১৬ জন লোকে মৃত্যুবৰণ কৰে।

ইয়াৰ পূৰ্বে মঙলবাৰৰ দিনটোত ৰাজ্যখনৰ ছুৰট আৰু পাটনত এজন এজন লোকৰ মৃত্যু হৈছিল।

গুজৰাটত মঙলবাৰৰ দিনটোত ১৯ গৰাকী লোকৰ দেহত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে, য’ত ১৩ গৰাকী লোকেই আহমেদাবাদৰ।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ বাবে কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ পিছতো এই পৰ্যন্ত ইয়াৰ সংহাৰ হ্ৰাস পোৱা পৰিলক্ষিত হোৱা নাই।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি দেশত এই পৰ্যন্ত ৪৭৮৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত ১২৪ গৰাকী লোকৰ মৃত্যু হৈছে।

দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ১০০০ৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৪ গৰাকীৰ মৃত্যু হয়।

জানিব পৰা মতে যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৫০৮ গৰাকী ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ১৩ জন লোকে মৃত্যুবৰণ কৰে।

Related News