NORTHEAST NOW (Assamese)

অসমত আৰু ১৪ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৭১১লৈ বৃদ্ধি

October 1, 2020 9:26 pm · এন ই নাও নিউজ

আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে বৃহস্পতিবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭১১লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত বুধবাৰলৈকে ৬৯৭গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৪৫,৬১৫গৰাকী ব্যক্তিয়ে বুধবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত বুধবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৩৬,০৬৭ (।)

মুঠ ১,৮২,৩৯৬গৰাকী ব্যক্তি অসমত বুধবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News