বাৰ্মিজ চুফাৰী,চোৰাং কয়লা,ড্ৰাগছ,ছোৰাং কাঠ,গৰুৰ অবৈধ চোৰাং সৰবৰাহ,তথা বহু চোৰাং ব্যৱসায়ৰ কৰিড’ৰলৈ পৰিণত হৈছে বোকাখাত নগৰৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।
বোকাখাতত পুনৰ জব্দ বাৰ্মিজ চুফাৰী ভৰ্তি এখন ১৪চকীয়া বাহন। বোকাখাত আৰক্ষীয়ে জব্দ কৰে বাৰ্মিজ চুপাৰি ভৰ্তি গাড়ীখন।
প্ৰাপ্ত বাতৰি মতে ডব্লিউ বি ৬৫ চি ৭১৯১(W B 65 C 7191) নম্বৰৰ প্ৰায় তিনিশ বস্তা বাৰ্মিজ চুপাৰি ভৰ্ত্তি গাড়ীখন গুৱাহাটী অভিমূখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গৈ থকা অৱস্থাত বোকাখাতৰ পাণবাৰীৰ সমীপত কোনো অজ্ঞাত লোকে গাড়ীখন আগভেটি ৰখোৱাৰ অভিযোগ উঠিছে।
ইফালে গাড়ী খনৰ চালক নবাব ইকবালে গাড়ীৰ দুৱাৰ বন্ধ কৰি গাড়ীৰ ভিতৰত সোমাই থকা অৱস্থাত বোকাখাত আৰক্ষীয়ে গাড়ী খনৰ চালক , হেন্দীমেনসহ গাড়ীখন জব্দ কৰি বোকাখাত আৰক্ষী থানালৈ লৈ আহে।
ইফালে গুৱাহাটী অভিমূখে গৈ থকা চুপাৰি ভৰ্ত্তি গাড়ী খনক বোকাখাতৰ পৰা চাৰি পাঁচজনীয়া এটা দলে ৰহস্যজনভাৱে অনুসৰণ কৰি গাড়ীখন ৰখাবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে আৰক্ষী গৈ পোৱাৰ পূৰ্বেই আঁতৰি যায় দলটো।
আনহাতে পাণবাৰীৰৰ বন বিভাগৰ বেৰিকেডৰ সমীপত গাড়ীখন ৰখাই থোৱা অৱস্থাৰ পৰা বোকাখাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে বাহনখনৰ চালক আৰু হেন্দীমেনক আটক কৰি Bokakhat P.S. C/No. 86/2024/U.S.61(2)/303(2)/318(4)/336(3)BNS নম্বৰত এক গোচৰ ৰুজো কৰিছে।
প্ৰশ্ন হৈছে কাৰ সাহসত বোকাখাতৰ ৰাজপথ তথা আৰক্ষী থানাৰ সন্মুখেৰে প্ৰায় দৈনিক সৰবৰাহ হৈ আহিছে চোৰাং সামগ্ৰী ভৰ্তি বাহন?
উল্লেখ্য যে এক শক্তিশালী অসাধু চক্ৰৰ কৃপাতেই বোকাখাতৰ মাজেদি বিভিন্ন স্থানৰ পৰা বিগত কিছু দিন ধৰি চোৰাং সৰবৰাহকাৰীয়ে গৰু, ম’হ, বাৰ্মিজ চুপাৰি,চোৰাং কয়লা, অবৈধ কাঠ আদি সৰবৰাহ কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছে। যাৰ বাবে বোকাখাত আৰক্ষীক অধিক কঠোৰ হোৱাৰ লগতে এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ল’বলৈ দাবী জনাইছে সচেতন মহলে।