NORTHEAST NOW (Assamese)

শিৱাকাশীৰ আতচবাচী কাৰাখানাত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ১৪জনৰ মৃত্যু, ৩৬জন আহত

February 12, 2021 7:32 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফাইল ফটো। সৌজন্য: ইণ্ডিয়ান এক্সপ্ৰেছ।

তামিলনাডুৰ বিৰুধুনগৰ জিলাৰ শিৱাকাশীত থকা শ্ৰী মাৰিয়াম্মাল ফায়াৰৱৰ্কছ  কাৰাখানাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

শেহতীয়া বাতৰি অনুসৰি, এই ঘটনাত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৩৬জন লোক গুৰুতৰভাৱে আহত হৈছে।

সূত্ৰসমূহৰ মতে, মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বাতৰি অনুসৰি, আগবেলা ১১বাজি ৪৫ মিনিটত অগ্নিকাণ্ড সংঘটিত হয়। আহতসকলৰ ভিতৰত ২৮ জন লোকক চাতুৰ হাস্পাতলত ভৰ্তি কৰোৱা হৈছে। ইয়াৰ ভিতৰত কেইবাজনৰো শৰীৰৰ ৯০শতাংশতকৈয়ো অধিক জ্বলি গৈছে। বাকী আহতসকলক আন দুখন হাস্পাতলত ভৰ্তি কৰা হৈছে।

প্ৰাথমিক তথ্য মতে ৰাসায়নিক ঘৰ্ষণৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হয়। ফটকা প্ৰস্তুত কৰাৰ সময়তেই দুৰ্ঘটনাটো সংঘটিত হৈছে।

ৰাজ্য চৰকাৰে নিহতৰ আত্মীয়লৈ ৩লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। সেইদৰে আহতসকললৈ ১লাখ টকাৰ সাহায্য আগবঢ়াব।

এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে নিহতসকলৰ পৰিয়ালক ২লাখ টকা আৰু গুৰুতৰভাৱে আহতসকলক ৫০হাজাৰ টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে।

Related News