নিজৰ বিদ্যালয়ৰ অধ্যক্ষৰ দ্বাৰাই বলাৎকাৰৰ বলি হ’ল এগৰাকী ১৪ বছৰীয়া ছাত্ৰী

প্ৰতিনিধিত্বমূলক চিত্ৰ

অৰুণাচল প্ৰদেশৰ কামলে জিলাৰ ৰাগাত এগৰাকী ১৪ বছৰীয়া শিশুক নিজৰেই বিদ্যালয়ৰ অধ্যক্ষই ধৰ্ষণ কৰা ঘটনাই ৰাজ্যখনত তীব্ৰ উত্তেজনাময় পৰিবেশে বিৰাজ কৰিছে।

যোৱা ১২ ডিচেম্বৰতেই এই জঘণ্য ঘটনাটো সংঘটিত হৈছিল।

ঘটনাৰ অভিযুক্ত অধ্যক্ষজন ৰাগাস্থিত গ্ৰীণ হাই স্কুলৰ বিনি তেগী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ অধীনত আৰু POCSO আইনৰ অধীনত অধ্যক্ষজনৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰিছে।

ইফালে, আদালতে ধৰ্ষণত অভিযুক্ত অধ্যক্ষজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

এই জঘণ্য ঘটনাটো পোহৰলৈ অহাৰ পিছৰে পৰা ক্ষুব্ধ ৰাগাবাসীয়ে অভিযুক্ত অধ্যক্ষগৰাকীৰ ফাঁচিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে।

প্ৰতিবাদকাৰীসকলে বিদ্যালয়খনৰো যথেষ্ট ক্ষতিসাধন কৰা বুলি জানিব পৰা গৈছে।

প্ৰতিবাদকাৰী সকলে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখি কামলে জিলাৰ আৰক্ষী অধীক্ষক হেংগো বাছাৰে প্ৰতিবাদকাৰী সকলক আশ্বাস প্ৰদান কৰি কয় যে যদি অধ্যক্ষজন দোষী সাব্যস্ত হয় তেন্তে আদালতে উচিত শাস্তি প্ৰদান কৰিব।

আনহাতে প্ৰজ্ঞাৰ পোহৰ বিলোৱা এজন উচ্চ শিক্ষিত লোকৰ এই নিকৃষ্ট কাণ্ডক ৰাজ্যখনৰ সকলো স্তৰৰ লোকেই গৰিহনা জনাইছে।