NORTHEAST NOW (Assamese)

দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ জয়জয়-ময়ময় অৱস্থা; নীটত উত্তীৰ্ণ হ’ল চৰকাৰী স্কুলৰ ১৪১৪গৰাকী শিক্ষাৰ্থী

June 9, 2024 12:28 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 9, 2024 12:33 pm

শুকুৰবাৰে শিক্ষামন্ত্ৰী আতিশীয়ে কয় যে দিল্লী চৰকাৰী বিদ্যালয়ৰ পৰা নীট উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, এই বছৰ ১৪১৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে।

আতিশীয়ে কয় যে, ‘দহ বছৰৰ আগতে চৰকাৰী বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীয়ে যুটীয়া প্ৰৱেশিকা পৰীক্ষা (জেইই) আৰু নীটৰ বাবে যোগ্যতা অৰ্জন কৰিব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল। কিন্তু এই বছৰ দিল্লী চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা দৰিদ্ৰ পৰিয়ালৰ ১৪০০ৰো অধিক শিশুৱে NEETত উত্তীৰ্ণ হৈছে, আৰু অতি সোনকালে দেশৰ শ্ৰেষ্ঠ চিকিৎসা প্ৰতিষ্ঠানলৈ যাব, দিল্লী, দেশ আৰু তেওঁলোকৰ পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনিব।’

মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা পাঁচ বছৰত চৰকাৰী বিদ্যালয়ৰ পৰা অহা NEET কাউন্সেলিঙৰ বাবে যোগ্যতা অৰ্জন কৰা শিশুৰ সংখ্যা ২.৫ গুণ বৃদ্ধি পাইছে। ২০২০ চনত এই সংখ্যা আছিল ৫৬৯ জন।২০২৪ চনত এই সংখ্যা ১৪১৪ জনলৈ বৃদ্ধি পাইছে।

দিল্লীৰ শিক্ষা ব্যৱস্থাত “বিপ্লৱ” অনাৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কৃতিত্ব দি আতিশীয়ে কয়, “দিল্লী চৰকাৰী বিদ্যালয়ত পঢ়া আটাইতকৈ দৰিদ্ৰসকলে উত্তম শিক্ষা লাভ কৰিছে, আৰু পাছলৈ আটাইতকৈ বিখ্যাত উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি লাভ কৰিছে। তেওঁলোকে এতিয়া নিজৰ সপোন পূৰণ কৰিব পাৰিব।”

Related News