NORTHEAST NOW (Assamese)

অসমত ১৪২৭ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ১.০২ শতাংশ

October 14, 2020 10:49 pm · এন ই নাও নিউজ
Updated: October 14, 2020 10:50 pm
প্ৰতিনিধিত্বমূলক ছবি

১৪২৭গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

১,৩৯,৮৬৮টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ১.০২ শতাংশ। মঙলবাৰে এই হাৰ আছিল ১.১৭ শতাংশ।

নতুনকৈ পজিটিভ চিনাক্তসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৯৮,২১৩লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু চাৰিগৰাকী ক’ভিড ৰোগীয়ে অসমত বুধবাৰে প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৮৩৪লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে ডিব্ৰুগড়ৰ বিক্ৰম নেৱাৰ (৪৪), ধেমাজিৰ হৰকান্ত দলে (৫৬), যোৰহাটৰ তপন চক্ৰবৰ্তী (৭৪) আৰু বিশ্বনাথৰ ভবেন চন্দ্ৰ দাস (৯৭)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

মঙলবাৰলৈকে অসমত ৮৩০গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,৬৭,০৫৬গৰাকী ব্যক্তিয়ে মঙলবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।

অসমত মঙলবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২৮,৮৯৭ (।)

Related News