লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনাৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ১৫টা বিৰোধী দলৰ বৈঠক

অহা বছৰ অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচনৰ বাবে কৌশল ৰচনা কৰিবলৈ বৃহস্পতিবাৰে ডিব্ৰুগড়ত ৰাজ্যখনৰ ১৫টা বিৰোধী দলৰ ২ দিনীয়া সন্মিলন আৰম্ভ হৈছে।

গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে অসম কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে এই বৈঠকত অহা বছৰৰ সাধাৰণ নিৰ্বাচনৰ উমৈহতীয়া নূন্যতম কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হ’ব।

অহা বছৰৰ সাধাৰণ নিৰ্বাচনৰ বাবে এক উমৈহতীয়া নূন্যতম কাৰ্যসূচী চূড়ান্ত কৰাৰ বাবে বৃহস্পতিবাৰৰ বৈঠকত অংশগ্ৰহণ কৰে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, জাতীয় দল-অসম, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, এনচিপি, চিপিআই, চিপিআই (এম), চিপিআই (এমএল),আৰজেডি, জনতা দল (ইউনাইটেড), অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স, আৰু শিৱসেনাই।

লগতে পঢ়কঃ আজিৰে পৰা সলনি হৈছে ছিম ক্ৰয়ৰ নতুন নিয়ম; নামানিলে ১০ লাখ টকা জৰিমনা, হ’ব পাৰে জেল

ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স (I.N.D.I.A)ৰ লগত সংগতি ৰাখি ইয়াৰ পূৰ্বে সন্মিলিত বিৰোধী ঐক্যমঞ্চ, অসম গঠন কৰা হৈছিল।

সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, ‘আগন্তুক লোকসভা নিৰ্বাচনৰ উমৈহতীয়া নূন্যতম কাৰ্যসূচীৰ চূড়ান্ত ৰূপৰেখা আমাৰ বৈঠকত চূড়ান্ত কৰা হ’ব। কমন মিনিমাম প্ৰগ্ৰেমত অসমৰ প্ৰধান বিষয়সমূহ সন্নিবিষ্ট কৰা হ’ব, যিটো নিৰ্বাচনৰ প্ৰধান এজেণ্ডাও হ’ব।’

অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে কয়, ‘অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালকেন্দ্ৰিক চৰকাৰ চলাই আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম-কাজত সুখী নহয় পুৰণি বিজেপি সদস্য। অসমত চৰকাৰ ক’ত? ই এক ‘জংগল ৰাজ’। বিজেপিত বৰ্তমান কোনেও সুখী নহয় কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দলটোৱে কাম কৰি আছে।’

লগতে পঢ়কঃ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ঘোষণা ভাৰতীয় দল: সীমিত অভাৰৰ শৃংখলাত নাই কোহলী-ৰোহিত

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী দলসমূহে আসন ভাগ-বতৰাৰ ব্যৱস্থা সন্দৰ্ভতো বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে।