মুম্বাই বিমান বন্দৰত আতংক : লণ্ডন ফেৰৎ ১৫ যাত্ৰীৰ শৰীৰত নতুন ক’ৰ’ণা ভাইৰাছ!

bl23mumbai

নতুন ক’ৰ’ণা ভাইৰাছে কঁপাইছে সমগ্ৰ গ্ৰেট ব্ৰিটেইন। দেশখনত আৰম্ভ হোৱা নতুন ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণে আতংকৰ সৃষ্টি কৰাৰ সময়তে দেশখনলৈ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই বিমান সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

তেনে সময়তে লণ্ডনৰ পৰা ওভতি অহা ১৫ গৰাকী বিমান যাত্ৰীৰ মুম্বাই বিমান বন্দৰত কৰা প্ৰাথমিক স্বাস্থ্য পৰীক্ষাত শৰীৰত নতুন ক’ৰ’ণা ভাইৰাছৰ অৱস্থিতি পোৱা বুলি জানিব পৰা গৈছে।

লণ্ডনৰ পৰা মুম্বাই অভিমুখে অহা ৫৯০ গৰাকী যাত্ৰীৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছিল। আৰু তাৰে ১৫ গৰাকী যাত্ৰীৰ শৰীৰত নতুন ক’ৰ’ণা ভাইৰাছৰ সন্ধান পোৱা বুলি জানিব পৰা গৈছে। অৱশ্যেই এই বিষয়ে এতিয়াও নিশ্চিত তথ্য প্ৰকাশ কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।

উক্ত ১৫ গৰাকী যাত্ৰীৰ তেজৰ নমুনা সংগ্ৰহ কৰি পুনেৰ ইনষ্টিটিউট অৱ ভাইৰল’জিলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই পৰীক্ষাৰ পিছতহে যাত্ৰী কেইগৰাকীৰ শৰীৰত নতুন ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি আছে নাই সেয়া নিশ্চিত হ’ব বুলি প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।

এই বাতৰি বিয়পি পৰাৰ লগে লগে বাণিজ্য মহানগৰীখনত আতংকই বিৰাজ কৰা দেখা গৈছে।

স্মৰ্তব্য যে ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত নৈশ সান্ধ্য আইন বলৱৎ কৰিছে।

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দাবী কৰিছে যে, ভাৰতত নতুন ক’ৰ’ণা ভাইৰাছৰ উপস্থিতিৰ সম্ভেদ এই পৰ্যন্ত লাভ কৰা নাই।

আনহাতে লণ্ডনৰ পৰা ওভতি অহা ২০ গৰাকী যাত্ৰীৰ শৰীৰত ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াক সাধাৰণ ক’ৰ’ণা ভাইৰাছ বুলিহে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে।